NORTHEAST NOW (Assamese)

চাপৰত চাৰিদিনীয়াকৈ ষট্ পূজাৰ আয়োজন

October 30, 2022 4:15 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: October 30, 2022 4:21 pm
প্ৰতিনিধিত্বমূলক ছবি

দেশৰ আন আন অঞ্চলৰ লগতে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰত ষট্ পূজাৰ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। চাপৰ চহৰৰ ওচৰৰ সুঁতিৰমুখ গাওঁৰ সমীপতে দি বৈ যোৱা চম্পাৱতী নৈৰ পাৰত আন আন বছৰৰ দৰে এই বেলিও আস্থাৰ মহাপৰ্ব শ্ৰী শ্ৰী “ষট্” পূজা পালন কৰা হব।চাৰিদিন ধৰি চলা এই মহাপৰ্বৰ লগত সংগতি ৰাখি দেওবাৰে আবেলি ব্ৰত পালন কৰি থকা ব্ৰতধাৰী সকলে নৈৰ পাৰত পূজা অৰ্চনা কৰাৰ লগতে অস্তগামী সূৰ্য্য দেৱতাক ধূপ দীপ আদিৰে নৈৰ পানীত নামি চৌদিশ প্ৰদক্ষিণ কৰি আৰাধনা কৰিব আৰু এইদৰে ব্ৰতধাৰী সকলে এইদৰে অস্তগামী সূৰ্য্যৰ লগতে ষট্ পূজাৰ অন্ত পেলাই পুনৰ সোমবাৰ পূৱতি নিশা পূজা অৰ্চনাৰ লগতে উদিত সূৰ্য্য দেৱক পূজা কৰি এই মহাপৰ্বৰ সমাপ্তি ঘটাব।

এই চাৰি দিনীয়া কাৰ্যসূচী যুক্ত পৰ্বৰ দুদিন ব্ৰতধাৰী সকলে নিজ নিজ গৃহত নহায় খায় আৰু খর্ণা নামৰ পূজা অৰ্চনা কৰে । বৈদিক যুগৰ পৰা চলি অহা এই মহাপৰ্ব ৩৬ ঘণ্টা নিৰ্জলা উপবাস ৰাখি সম্পূৰ্ণ আস্থা আৰু নিষ্ঠা সহকাৰে কৰা হয়। জানিব পৰা মতে এই পূজাৰ প্ৰস্তুতি সম্পৰ্কে চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষযা কবিতা ডেকাই চাপৰৰ চম্পাৱতী নৈৰ ঘাটত পালিত ” পূজা স্থলত” উপস্থিত হৈ কাম কাজ সম্পৰ্কে বুজ লৈ উপস্থিত সদস্য বৃন্দৰ সৈতে মত বিনিময় কৰে।

এই “ষট্” মহাপৰ্ব আৰু সূৰ্য্য উপাসনাৰ পূজা উপলক্ষে , কমতাপুৰ স্বায়ত্ব পৰিষদৰ চীফ গকুল বৰ্মন , চক্ৰ বিষযা কবিতা ডেকা , অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, চাপৰ থানাৰ আৰক্ষী বিষয়া ৰঞ্জিত কাকতিৰ লগতে আন বহুতে সমূহ ব্রতধাৰী আৰু ভক্তপ্ৰাণ ৰাইজলৈ শুভেছা জ্ঞাপন কৰিছে।

Related News