ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। এখন বজাৰত টহল দি থকা অৱস্থাত নক্সাল আক্ৰমণত নিহত হৈছে এজন নিৰাপত্তাৰক্ষী।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ এটা দলে সকলে টহল দি থকা অৱস্থাত নক্সালৰ দলে চলায় আক্ৰমণ।
নিহত জোৱানজন টহলদাৰী কোম্পানীটোৰ কমাণ্ডাৰ তিজাউ ৰাম ভূয়াৰিয়া বুলি জানিব পৰা গৈছে। নক্সাল দলটোৱে তেওঁক কুঠাৰেৰে আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
নিহত ভূয়াৰিয়া ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ ৪ নং বেটেলিয়নৰ অন্তৰ্গত আছিল। ঘটনাৰ পিছতে কৰ্তৃপক্ষই দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰি অঞ্চলটোত টহল আৰম্ভ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনত বৃদ্ধি পাইছে নক্সাল গোটৰ কাৰ্যকলাপ। যোৱা মাহত ৰাজ্যখনৰ চুকমা অঞ্চলত নক্সালৰ আক্ৰমণত চি আৰ পি এফৰ তিনিজন জোৱান নিহত হোৱাৰ লগতে ১৪ জন আহত হৈছিল।