টীয়কত কংগ্ৰেছৰ বুথ সন্মিলনত ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেল; বিজেপিক পৰাস্ত কৰাৰ আহ্বান

আন আন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে যোৰহাট জিলাৰ ১০২ নং টীয়ক  বিধান সভা সমষ্টিটো কংগ্ৰেছ দলে নিৰ্বাচনী কুছকাৱাজ আৰম্ভ কৰিছে।

আজি টীয়ক বিধান সভা সমষ্টিৰ কাকজানত কংগ্ৰেছৰ দলৰ বুথ সন্মিলন অনুষ্ঠিত হয়।

টীয়কৰ কংগ্ৰেছৰ বুথ সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সহ বহু কেইগৰাকী শীৰ্ষস্থানীয় নেতাই।

সমষ্টিটোৰ ১৭১ টা বুথৰ প্ৰায় চাৰি সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে বুধ সন্মিলনত উপস্থিত থাকে।

নিজৰ বক্তব্যত মূলত: বিজেপিৰ মিথ্যাচাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ দলীয় কৰ্মী সকলক আহ্বান জনায় ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী গৰাকীয়ে।

আনহাতে, মহাজোঁট বন্ধনে ২০২১ৰ নিৰ্বাচনত ১০১ খন আসন লাভ কৰিব বুলিও দৃঢ়তাৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।