NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীক দলৰ ৰাষ্ট্ৰীয় সভাপতি পতাৰ সপক্ষে ছত্তীশগড় কংগ্ৰেছৰ প্ৰস্তাৱ গ্ৰহণ

September 18, 2022 5:58 pm · এন ই নাও নিউজ,গুৱাহাটী

কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ছত্তীশগড় প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৮ ছেপ্টেম্বৰত দলৰ নেতা ৰাহুল গান্ধীক দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাবে অধিষ্ঠিত কৰাৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰিছে। এই প্ৰসংগত ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী মোহন মাৰ্কামে কয় যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত কৰাৰ বাবে আহ্বান জনোৱাৰ অধিকাৰ আছে আৰু দলৰ কৰ্মীসকলে তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কাম কৰি যাব।

ছত্তীশগড় প্ৰদেশ কংগ্ৰেছ কমিটীৰ (চিপিচিচি) প্ৰস্তাৱটো ৰাজ্য খনৰ ৩১০ জন প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিৰ (যিসকলে দলৰ সভাপতি নিৰ্বাচনত ভোট দিব) এখন বৈঠকত গৃহীত কৰা হয়। উল্লেখ্য ২০২২ চনতে দ্বিতীয়বাৰৰ বাবে চিপিচিচিয়ে ৰাহুল গান্ধীক দলৰ ৰাষ্ট্ৰীয় সভাপতি কৰাৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰিলে। ছত্তীশগড় কংগ্ৰেছে ২০২২ চনৰ জুন মাহতো একেটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও ১৭ ছেপ্টেম্বৰত কংগ্ৰেছৰ সভাপতি হিচাবে ৰাহুল গান্ধীক সমৰ্থন জনাইছিল।

উল্লেখ্য কংগ্ৰেছৰ সভাপতি নিৰ্বাচন নিকা হ’ব নে? নে আকৌ গান্ধী পৰিয়ালৰেই কোনো অনুগত লোকক পাকে প্ৰকাৰে সেই পদত বহুওৱা হ’ব? এনেবোৰ প্ৰশ্নই বহুতৰে মনত ক্ৰিয়া কৰি থকাৰ সময়তে দলটোৰ জ্যেষ্ঠ নেতা নেতা মনীষ তিৱাৰী, শশী থাৰুৰ আৰু কাৰ্তি চিদাম্বৰমে দলৰ ভোটাৰ তালিকা ৰাজহুৱা কৰাৰ দাবী জনাইছিল ।কিন্তু ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। কেৰালাত ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কৈছে যে এয়া দলৰ “আভ্যন্তৰীণ প্ৰক্ৰিয়া” আৰু যিকোনো সদস্যই প্ৰদেশ কংগ্ৰেছ সমিতিৰ যিকোনো কাৰ্যালয়ৰ পৰা ইয়াৰ প্ৰতিলিপি লাভ কৰিব পাৰে।

তেওঁ কয় ” এইটো এটা আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু ৰাইজে চাব পৰাকৈ ভোটাৰ তালিকা প্ৰকাশ কৰিব পৰা নাযায়। কংগ্ৰেছত ভোটাৰ তালিকা ৰজহুৱা কৰাৰ কোনো প্ৰথা নাই। আমি পুৰণি নীতিকেই অনুসৰণ কৰি যাম”।উল্লেখ্য কংগ্ৰেছে দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। ১৯ নৱেম্বৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।

Related News