কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ? ৰাষ্ট্ৰীয় ৰাজনীতিত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰি আছে। শেহতীয়াকৈ জানিব পৰা মতে, ৰাহুল গান্ধীকে পুনৰ কংগ্ৰেছৰ সভাপতি হিচাপে বিচাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট৷ কংগ্ৰেছৰ ৰাজস্থান গোটে কালি সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰে৷ উল্লেখযোগ্য যে কংগ্ৰেছ শাসনত অধিষ্ঠিত হৈ থকা এখন শক্তিশালী ৰাজ্য হৈছে ৰাজস্থান। এই ৰাজস্থানেই এতিয়া ৰাহুল গান্ধীক পুনৰ দলৰ শাসনভাৰ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে।
এই সম্পৰ্কে ৰাজস্থানৰ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াই কয় যে ৰাজস্থান কংগ্ৰেছৰ সভাপতি নিযুক্তিত আৰু ৰাজ্যখনৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) সদস্যসকলক মনোনীত কৰাৰ বাবে আগন্তুক দলৰ মুৰব্বীক অনুমোদন জনোৱাৰ বাবেও এক প্ৰস্তাৱ গৃহীত কৰা হৈছে। জানিব পৰা মতে, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে দিল্লীত থকাৰ বাবে সভাখনত উপস্থিত নাছিল। পাইলটৰ নামো এই পদৰ বাবে চৰ্চাত আছে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ পাছত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গান্ধীয়ে কংগ্ৰেছ ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল৷ তেতিয়াৰ পৰা তেওঁ তেওঁৰ দলৰ সদস্যসকলৰ দ্বাৰা কৰা প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰি আহিছে।
আনহাতে, এতিয়া কংগ্ৰেছ দলৰ নেতৃত্বৰ সংকট কেইবাবছৰৰ পৰা বাঢ়ি আহিছে আৰু নিৰ্বাচনসমূহত পৰাজয় আৰু হাই-প্ৰ’ফাইল নেতাসকলৰ দ্বাৰা প্ৰস্থানৰ ধাৰাৰ সৈতে কেৱল অৱনতি ঘটিছে। কেইবাজনো কংগ্ৰেছ নেতাই কৈছে যে তেওঁলোকে ৰাহুল গান্ধীক দলৰ মুৰব্বী হিচাপে ঘূৰি অহাটো বিচাৰে। দলৰ ভিতৰুৱা সকলে অৱশ্যে কয় যে গান্ধীয়ে এই ভূমিকা গ্ৰহণ কৰিবলৈ সাজু নহয়।
কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ অধিসূচনা ২২ ছেপ্টেম্বৰত প্ৰকাশ পাব আৰু মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ আৰু প্ৰয়োজন হ’লে নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব। ফলাফল প্ৰকাশ পাব ১৯ অক্টোবৰত৷