NORTHEAST NOW (Assamese)

দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত ছত্তীশগড়ত ৫জনক মৃত্যুদণ্ড আদালতৰ

January 24, 2025 12:58 pm · এন ই নাও নিউজ, গুৱাহাটী

ছত্তীশগড়ৰ কোৰবাৰ ফাষ্ট ট্ৰেক বিশেষ আদালতে চাৰি বছৰ পূৰ্বে এগৰাকী ১৬ বছৰীয়া জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যা আৰু পিতৃ আৰু ভতিজীক মৰিয়াই হত্যা কৰাৰ অপৰাধত পাঁচজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

ৰায়দান কৰাৰ সময়ত ন্যায়াধীশ মমতা ভোজৱানীয়ে কয় যে ‘’এনে জঘন্য, নৃশংস নিৰ্যাতন আৰু হত্যাকাণ্ডই সমগ্ৰ দেশৰ বিবেকক জোকাৰি গৈছে। অভিযুক্তসকলৰ দোষ প্ৰশ্নাতীতভাৱে প্ৰমাণিত হৈছে। যদি তেওঁলোকক সমাজলৈ ঘূৰি আহিবলৈ দিয়া হয় (সংশোধন কেন্দ্ৰও সমাজৰ অংশ) তেন্তে পুনৰ একে ধৰণৰ ঘটনা সংঘটিত কৰিব। অপৰাধীৰ সংস্কাৰৰ কোনো সুযোগ আৰু নাই। কেৱল যৌন ইচ্ছা পূৰণৰ বাবে তিনিজন দুৰ্বল আৰু নিৰীহ লোকক যিদৰে অত্যাচাৰ কৰি হত্যা কৰিছিল তাৰ একমাত্ৰ শাস্তি হ’ল ফাঁচী।‘’

অৱশ্যে ৬ নম্বৰ অভিযুক্ত উমাশংকৰ যাদৱক দোষী সাব্যস্ত কৰা হৈছিল যদিও চিকিৎসাজনিত কাৰণত তেওঁক মৃত্যুদণ্ড দিয়া হোৱা নাছিল। তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ২০২১ চনৰ ২৯ জানুৱাৰীত দলবদ্ধ ধৰ্ষণৰ মূল দোষী শান্তাৰাম মঞ্জৱাৰে (৪৯) এগৰাকী ১৬ বছৰীয়া কিশোৰী, তেওঁৰ ৬০ বছৰীয়া পিতৃ আৰু ৪ বছৰীয়া ভতিজীক বাইকেৰে লিফ্ট দিব বিচাৰে। ছোৱালীজনীৰ পিতৃ শান্তৰামৰ পূৰ্বৰ চিনাকি। ফলত সকলোকে লগত লৈ মটৰ চাইকেলত উঠিবলৈ তেওঁ কোনো সংকোচ কৰা নাছিল। বাটত শান্তাৰামে কোৰাই নামৰ এখন গাঁৱত বাইকখন ৰখাই দিয়ে।

তাত তেওঁ টেঁটুলৈকে মদ খায়। তাত আব্দুল জব্বাৰ (৩৪), অনিল কুমাৰ সাৰথি (২৪), পৰদেশী ৰাম (৩৯), আনন্দৰাম পানিকা (২৯) আৰু উমাশংকৰ যাদৱ (২৬) আহি যোগ দিয়ে।

মানুহকেইজনে ছোৱালীজনী আৰু বাকীকেইজনক লগত লৈ গধুপ্ৰডা হাবিৰ কাষলৈ লৈ গ’ল। পিতৃৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা ধৰি দলবদ্ধ ধৰ্ষণ চলিছিল ছোৱালীজনীক। এই অপৰাধৰ কোনো প্ৰমাণ যাতে নাথাকে তাৰ বাবে ছোৱালীজনীৰ পিতৃ আৰু ভতিজীক প্ৰথমে লাঠিৰে প্ৰহাৰ কৰা হয়, তাৰ পিছত শিলগুটিৰে থেতেলি হত্যা কৰা হয়। সেই সময়ত কিশোৰীগৰাকী অচেতন হৈ আছিল। শান্তাৰামহঁতে তেওঁকো শিলগুটিৰে আঘাত কৰি হত্যা কৰিছিল। ইয়াৰ পিছত জংঘলত পেলাই থৈ আটাইকেইজন তাৰ পৰা পলাই যায়।

যেতিয়া পিতৃ, ভগ্নী আৰু কন্যা ঘৰলৈ উভতি নাহিল, তেতিয়া চাৰিওফালে বিচাৰ-খোচাৰ আৰম্ভ হ’ল। কিন্তু তিনিদিন পিছতো যেতিয়া তেওঁলোকক বিচাৰি পোৱা নগ’ল, তেতিয়া তেওঁ আৰক্ষীত এফআইআৰ দাখিল কৰে। শেষবাৰৰ বাবে শান্তৰামৰ ঘৰলৈ গৈছিল বুলি জনায়। শেষবাৰ দেখা গৈছিল তেওঁৰ বাইকত। সেই বছৰৰ ২ ফেব্ৰুৱাৰীত আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দেখা যায় যে ছোৱালীজনীৰ পিতৃ আৰু ভতিজীৰ মৃত্যু হ’লেও কিশোৰীগৰাকীৰ দেহত তেতিয়াও প্ৰাণ আছে। লগে লগে আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত উপস্থিত হোৱাৰ আগতেই বাটতে কিশোৰীৰ মৃত্যু হয়।

গোচৰটো আৰম্ভ হোৱাৰ পিছতে শেহতীয়াকৈ সমাপ্ত হৈছে বিচাৰ। চৰকাৰী অধিবক্তা সুনীল মিশ্ৰই এই ভয়াবহ ঘটনাক “বিৰল” অপৰাধ বুলি অভিহিত কৰি ইয়াৰ লগত জড়িত সকলোকে মৃত্যুদণ্ডৰ দাবী জনায়।

নিজৰ পৰিয়াল থকাৰ পিছতো শান্তাৰামে ছোৱালীজনীক বিয়া কৰাব বিচাৰিছিল। যিহেতু ছোৱালীজনীৰ দেউতাকে মান্তি হোৱা নাছিল, সেয়েহে তেওঁ পৰিকল্পনা কৰি এই নৃশংস ঘটনা সংঘটিত কৰে। ফলত POCSO, IPC 376 (G)(2), IPC 302, আৰু SC-ST Act ৰ অধীনত মূল অভিযুক্তকে ধৰি সকলোকে সৰ্বাধিক শাস্তি প্ৰদানৰ দাবী জনায়।

ন্যায়াধীশে প্ৰমাণ আৰু পৰিঘটনাৰ ক্ৰম পৰ্যালোচনা কৰি সেয়া মঞ্জুৰ কৰে। কেৱল উমাশংকৰক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে কাৰণ তেওঁৰ চিকিৎসা প্ৰতিবেদনত লিখা আছিল যে তেওঁৰ ব্যক্তিগত অংগৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁ ধৰ্ষণ কৰিবলৈ অক্ষম।

Related News