ছত্তীসগড় উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় দান! নাৰীৰ কুমাৰীত্ব পৰীক্ষা কৰা অসাংবিধানিক বুলি ঘোষণা ছত্তীসগড় উচ্চ ন্যায়ালয়ৰ। বিচাৰপতি অৰবিন্দ কুমাৰ বৰ্মাই এই গোচৰত স্পষ্ট কৰি কয় যে কোনো নাৰীক তেওঁৰ সতীত্ব প্ৰমাণৰ বাবে বাধ্য কৰিব নোৱাৰি আৰু ই ভাৰতীয় সংবিধানৰ ২১ নং ধাৰাক লংঘন কৰে।
এজন স্বামীয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ অনুসৰি তেওঁৰ পত্নীয়ে সন্তান জন্ম দিয়াত অক্ষম বুলি অভিযোগ কৰিছিল। আৰু পত্নীৰ চৰিত্ৰত সন্দেহ কৰি তেওঁৰ কুমাৰীত্ব পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।
আদালতে এই দাবী খাৰিজ কৰি কয় যে কোনো নাৰীক তেওঁৰ ব্যক্তিগত সম্মান আৰু গোপনীয়তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। কুমাৰীত্ব পৰীক্ষাৰ দাবী নাৰীৰ মৌলিক অধিকাৰৰ লংঘন বুলি উল্লেখ কৰে।
এই ৰায়ে নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত এক নতুন নজিৰ স্থাপন কৰিলে। এই সিদ্ধান্তই ভৱিষ্যতে নাৰীৰ বিৰুদ্ধে হোৱা যৌন বৈষম্যমূলক প্ৰথা ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা ল‘ব বুলি আশা প্ৰকাশ কৰিছে আইনজ্ঞসকলে।