NORTHEAST NOW (Assamese)

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

July 17, 2025 7:33 pm · এন ই নাও নিউজ, নতুন দিল্লী

বৈবাহিক সম্পৰ্ক থাকিলেও ছত্তীশগড় উচ্চ ন্যায়ালয়ে পত্নীৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰিব নালাগে বুলি কঠোৰ বাৰ্তা দিছে। শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাকেশমোহন পাণ্ডেই স্পষ্টকৈ জনায় যে পত্নীৰ মোবাইল বা বেংক একাউণ্টৰ পাছৱৰ্ড বিচৰা বা দিবলৈ বাধ্য কৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰে।

এটা আইনী ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে, “স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক যিমানেই ঘনিষ্ঠ নহওক কিয়, এজনৰ ব্যক্তিগত গোপনীয়তা আনজনৰ দ্বাৰা উলংঘা কৰিব নোৱাৰি।”

তেওঁৰ পৰ্যবেক্ষণ অনুসৰি বিয়া কৰালেও পত্নীৰ ফোন, কথা-বতৰা, আৰ্থিক তথ্যৰ ওপৰত স্বামীৰ স্বয়ংক্ৰিয় অধিকাৰ নাথাকে।

গোচৰটোৰ মূল বিষয় আছিল স্বামীৰ সন্দেহ। পত্নীৰ চৰিত্ৰক লৈ সন্দেহ প্ৰকাশ কৰি মোবাইলৰ কল ডিটেইল ৰেকৰ্ড (চিডিআৰ)ৰ বাবে আৰক্ষীক আবেদন জনায়। আনকি চিডিআৰৰ আবেদনো স্থানীয় পৰিয়াল আদালতে নাকচ কৰিছিল। পিছত ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তাতো তেওঁৰ আবেদনো নাকচ কৰে আদালতে।

উচ্চ ন্যায়ালয়ে কয় যে কেৱল অস্পষ্ট সন্দেহৰ ভিত্তিত পত্নীৰ ব্যক্তিগত গোপনীয়তাত হস্তক্ষেপ কৰিব নোৱাৰি। আদালতৰ মতে, বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস, স্বচ্ছতা আৰু গোপনীয়তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়।

Related News