বিজেপি-কংগ্ৰেছক ওফৰাবলৈ সাজু ৰাইজৰ দল: অৰূপ বৰবৰা

Raijor Dal, Barpeta

বৰপেটাত দেওবাৰে ৰাইজৰ দলৰ সভাত ভাষণ দিয়াৰ সময়ত অৰূপ বৰবৰা। ফটো: নৰ্থইষ্ট নাও

ৰাজ্যৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ কৰা “ৰাইজৰ দল”ৰ নামৰ ৰাজনৈতিক দলটোৰ এখন সভা আজি বৰপেটা চহৰৰ তৰুণৰাম ফুকন স্মৃতিমঞ্চত অনুষ্ঠিত হয়৷

এই সভাৰ জৰিয়তে “ৰাইজৰ দল”ৰ বৰপেটা জিলাৰ আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অধিবক্তা তথা “ৰাইজৰ দল”ৰ মুখ্য উপদেষ্টা অৰূপ বৰবৰা ৷

ভাষণ প্ৰসংগত তেওঁ বিজেপি-কংগ্ৰেছৰ লগতে এইউডিএফ আৰু অগপক ওফৰাবলৈ ৰাইজৰ দল সাজু বুলি কয় ৷

মুখ্য আহ্বায়ক হুছেইন মহম্মদ ছাহজাহানে উদাত্ত ভাষণত কয় যে, হিন্দুত্বৰ শিক্ষা হিমন্তৰ পৰা আৰু ইছলামৰ শিক্ষা আজমলৰ পৰা ল’লে সমাজ বিপথে যাব ৷

সভাত ৰাইজৰ দলৰ আহ্বায়ক জিতুল ডেকা, ৰুবুল দাস আদিয়ে দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত চমু ভাষণ আগবঢ়ায় ৷