NORTHEAST NOW (Assamese)

গুৱাহাটীত ৰঙা দলিচা পাৰি ৰাজ্যিক মৰ্য্যাদাৰে আদৰিলে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক

October 16, 2018 9:29 pm · এন ই নাও নিউজ
Updated: October 16, 2018 9:49 pm
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

পূজাৰ বন্ধ পাই আজি গুৱাহাটীত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। যোৱা ৩ অক্তোবৰত মুখ্য ন্যায়াধীশৰ পদত আসীন হোৱাৰ পিছত গগৈৰ এয়া প্ৰথম অসম ভ্ৰমণ।

আজি গুৱাহাটীত উপস্থিত হোৱা মুখ্য ন্যায়াধীশ গগৈক চৰকাৰে ৰাজ্যিক মৰ্য্যাদাৰে আদৰণি জনায়।

আজি নতুন দিল্লীৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে অসম সন্তান মুখ্য ন্যায়াধীশজনক ৰঙা দলিচা পাৰি ৰাজ্যিক মৰ্য্যাদাৰে আদৰণি জনোৱা হয়।

চৰকাৰৰ হৈ ন্যায়াধীশ গগৈক আদৰণি জনোৱা অনুষ্ঠানটোত উপস্থিত আছিল ৰাজ্যৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকল।

উল্লেখযোগ্য যে দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হ’ল সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত প্ৰথমজন মুখ্য ন্যায়াধীশ।

Related News