মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ সঞ্জীৱ খান্নাই। কাইলৈ ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব ন্যায়াধীশ বি আৰ গাভাই। আজি বিদায়ী ভাষণত ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে উচ্চতম ন্যায়ালয়ে মানুহৰ আস্থা অৰ্জন কৰিব লাগিব।
আজিৰ দিনটোত আৱেগিক হৈ পৰা উচ্চতম ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মই বাকৰুদ্ধ হৈ পৰিছো। ইমানবোৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছো। এবাৰ অধিবক্তা হ‘লেই আপুনি আজীৱন অধিবক্তা হৈয়েই থাকে। ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ আস্থা অৰ্জন কৰিব লাগিব। ন্যায়পালিকা হৈছে বিচাৰপীঠ আৰু বাৰক প্ৰতিনিধিত্ব কৰা এটা সাধাৰণ শব্দ। বাৰ হৈছে বিবেকৰ ৰক্ষক।”
বিদায়ী মুখ্য ন্যায়াধীশগৰাকীৰ মতে, ন্যায়াধীশসকল বিভিন্ন পটভূমিৰ পৰা উচ্চতম ন্যায়ালয়লৈ আহে আৰু এই বৈচিত্ৰ্যই ন্যায়িক সিদ্ধান্ত গ্ৰহণত সহায় কৰে। তাৰ পিছত তেওঁৰ উত্তৰাধিকাৰীৰ কথা কওঁতে তেওঁ কয় যে ন্যায়াধীশ বি আৰ গাভাই তেওঁৰ আটাইতকৈ ডাঙৰ সমৰ্থক। বি আৰ গাভাইৰ মাজত এজন মহান মুখ্য ন্যায়াধীশক বিচাৰি পাব আৰু তেওঁ মৌলিক অধিকাৰ আৰু স্বাধীনতা ৰক্ষা কৰিব বুলিও খান্নাই মন্তব্য কৰে।’
মন কৰিবলগীয়া যে মঙলবাৰে সঞ্জীৱ খান্নাৰ বিচাৰক হিচাপে ২০ বছৰীয়া কেৰিয়াৰৰ অন্ত পৰিল। ২০০৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। এবছৰৰ পিছত তেওঁ স্থায়ী ন্যায়াধীশ হয়। ইয়াৰ পিছত তেওঁ বহু বছৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পিছত খান্নাই যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰে।