• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 9:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ সকলো প্ৰাৰ্থী আৰু ভোটাৰ ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আজি এক বিবৃতিত বৰাই কয় যে গ্ৰাম্যঞ্চলৰ উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ স্বাৰ্থত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছিল আৰু গান্ধীজীৰ সপোনৰ গ্ৰাম্য স্বৰাজ যাতে ৰাইজৰ পদূলিত অনুভৱ হয় তাৰ বাবে কংগ্ৰেছ দলে সদায় ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বিচাৰে। বৰ্তমানৰ চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচৰা নাছিল আৰু কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন অনুষঅঠইত কৰিবলৈ চৰকাৰক বাধ্য কৰালে।

গ্ৰাম্য উন্নয়নত পঞ্চায়তৰ বাবে ব্যয় কৰিবলগীয়া ১১০০ কোটি টকা এতিয়া জমা আছে আৰু নতুন পঞ্চায়তত এই পুঁজি ব্যয় কৰি অসমৰ গ্ৰাম্যঞ্চলৰ ৰাইজৰ বিকাশ সাধন কৰিব পাৰিব। আজি ৰঙানদী সমষ্টিত ব্লক কংগ্ৰেছৰ উদ্যোগত ৰঙানদী সমষ্টিৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ বিজয়ী প্ৰাৰ্থীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰাই কয় যে কংগ্ৰেছ দলৰ জয় আৰু পৰাজয় দুয়োটা কাৰকেই প্ৰতিকূল ৰাজনৈতিক পৰিৱেশৰ বাবে হৈছে আৰু সেই বিষয়সমূহ আমি দলীয় মঞ্চত বিস্তাৰিতভাৱে আলোচনা কৰি ২০২৬ চনত নতুন শক্তিৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ম। অসমৰ ৰাইজে কংগ্ৰেছ দলক পুনৰ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা প্ৰকাশ কৰি এক বিবৃতিত তেওঁ কয়— সৰ্বপ্ৰথমে আমি অসমৰ জনসাধাৰণে এই গণপঞ্চায়ত নিৰ্বাচনত দিয়া ৰায় বিনম্ৰতাৰে স্বীকাৰ কৰিছো। গণতন্ত্ৰক তৃণমূল স্তৰত শক্তিশালী কৰি তোলাত অসমৰ জনসাধাৰণে যি ভূমিকা গ্ৰহণ কৰিলে, তাৰ বাবে আমি তেওঁলোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি সকলো ভোটাৰৰ প্ৰতি কৃতজ্ঞ, যিসকলে সকলো প্ৰতিকূলতা সত্ত্বেও আমাক সমৰ্থন আৰু ভোট দি সহায় কৰিলে।

Apply Now

পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন স্তৰত বিজয়ী হোৱা সকলো প্ৰাৰ্থীলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ সকলো প্ৰাৰ্থীৰ প্ৰতি বিশেষ ধন্যবাদ যিসকলে এক শৃংখলাবদ্ধ সৈনিকৰ দৰে যুঁজ দিলে। ফলাফল যিয়েই নহওক কিয়, জয়-পৰাজয়ৰ ঊৰ্ধ্বত উঠি গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ অংগীকাৰ আৰু অৱদানক আমি গভীৰভাৱে সন্মান জনাওঁ। আমাৰ দলৰ সকলো কৰ্মীৰ অক্লান্ত প্ৰচেষ্টাকো হৃদয়ৰ পৰা সাধুবাদ জানাওঁ যিসকলে প্ৰতিটো স্তৰত বিজেপিক প্ৰতিহত কৰিবলৈ অটল অৱস্থান গ্ৰহণ কৰিলে। কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা সকলো প্ৰাৰ্থীৰ প্ৰতি আন্তৰিক অভিনন্দন। এই যুঁজ অতি কঠিন আছিল, কিন্তু আপোনালোকে দলক গৌৰৱান্বিত কৰিলে। বন্ধুসকল, আমি এক ধুমুহা পাৰ হৈ আহিছোঁ আৰু ইয়াকো অতিক্ৰম কৰি বেছি শক্তিশালী হৈ উঠিছোঁ। পৰীক্ষাৰ সময়ত আমাৰ সংকল্প আৰু গভীৰ হয়।

আজি আত্মপৰীক্ষণৰ দিন, গতিকে আমি এই পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে আমাৰ প্ৰদৰ্শনৰ কাৰণসমূহ পৰ্যালোচনা কৰিম। যিহেতু আমি বিশ্বাস কৰোঁ যে অসমৰ জনসাধাৰণে আৰু বিশেষকৈ সন্মানীয় সংবাদমাধ্যমৰ সদস্যসকলে কংগ্ৰেছ সমৰ্থকৰ ওপৰত হোৱা অনিয়ম আৰু হিংসাৰ সাক্ষী হৈছে। চৰকাৰী যন্ত্ৰৰ অপপ্ৰয়োগ আৰু ৰাজ্যজুৰি বিজেপিৰ দ্বাৰা টকা-পইচা আৰু শাৰীৰিক শক্তিৰ অবাধ ব্যৱহাৰ সম্পৰ্কে আমি বিস্তাৰিতভাৱে পিছত আলোচনা কৰিম। বৰ্তমান আমি আত্মপৰীক্ষণৰ পথ বাছি লৈছোঁ। ইতিমধ্যে আমাৰ সকলো জিলা কংগ্ৰেছ সমিতিৰ পৰা প্ৰতিবেদন আহি আমাৰ কাৰ্যালয়ত জমা হৈছে। এইবোৰ সাৱধানেৰে পৰ্যালোচনা কৰা হ’ব, তাৰ পিছত আলোচনা-বিলোচনা কৰি পুনৰ আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিম। অসমৰ জনসাধাৰণক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ যিসকলে গণপঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক সমৰ্থন কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd