গ্ৰেপ্তাৰ হোৱা পৰীক্ষাৰ্থীসকলক শীঘ্ৰেই মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

অসম আৰক্ষীৰ গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ হৈ যোৱা ১৮ এপ্ৰিলত ওলাই আছিল বহু শিক্ষিত নিবনুৱা।

মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০১৮ চনতে ৯০১৭ টা কনিষ্টবল পদত নিযুক্তিৰ বাবে গৃহ বিভাগে বিজ্ঞাপন দিছিল ৷

কিন্তু পৰীক্ষাৰ ফলাফল প্ৰকাশ নকৰাকৈয়ে পুনৰবাৰ ২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত সেই একেখিনি পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

চৰকাৰে নিবনুৱাক কৰা এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে অসংখ্য প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ ফলত তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল।

শনিবাৰে অসম চৰকাৰৰ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক লৈ অনা হৈছিল।

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত লৈ অনাৰ পাছতেই কান্দোনত ভাগি পৰিছিল তেওঁলোকৰ আত্মীয় স্বজন। কান্দি কান্দিয়ে পৰীক্ষাৰ্থীসকলক মুকলি কৰি দিবলৈ তেওঁলোকৰ পৰিয়ালবৰ্গই আহ্বান জনায়।

তাৰ পাছতেই সোমবাৰে গ্ৰেপ্তাৰ হোৱা চাকৰিপ্ৰাৰ্থীসকলক শীঘ্ৰে মুকলি কৰাৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থীৰ বিষয়টো মানৱীয়তা তথা সহানুভূতিৰ দৃষ্টিভংগীৰে বিবেচনা কৰি তেওঁলোকৰ মুকলিৰ বাবে যথাযথ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নির্দেশ দিছে।

মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ বিপৰীতে কিছুদিন পূৰ্বে যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তই সাংবাদিকৰ ওচৰত এইদৰে কৈছিল ” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ অনুসৰি তেওঁ সন্দেহ প্ৰকাশ কৰিছিল যে কোনোবা এনেকুৱা পৰীক্ষাৰ্থী আহিছিল নেকি  যি আগতীয়াকৈ তেওঁলোকৰ ফলাফলৰ বিষয়ে গম পাইছিল যদি তেনেকুৱা হৈছে তেনেহলে ইয়াৰ ভালদৰে তদন্ত হ’ব লাগে।”