• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিথ্যাচাৰ আৰু সাম্প্ৰদায়িক মন্তব্যৰে গুজৰাটত অসমবাসীক লজ্জানত কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই!

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
November 21, 2022 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ আৰু সাম্প্ৰদায়িক মন্তব্যৰ বাবে এতিয়া দেশবাসীৰ আগত লজ্জানত হ’বলগীয়া হৈছে অসমবাসী।

উল্লেখ্য যে অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ নিৰ্বাচন।শাসকীয় বিজেপিকে ধৰি আম আদমি পাৰ্টি আৰু কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। যোৱা ২৭ বছৰে গুজৰাটক শাসন কৰা বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে অৰবিন্দ কেজৰিৱালৰ আপে। গুজৰাটৰ শাসনৰ বাঘজৰী পুনৰ কুক্ষিগত কৰিবলৈ গুজৰাটত উবুৰি খাই পৰিছে বিজেপিৰ সকলো শীৰ্ষ নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈকে ব্যস্ত হৈছে নিৰ্বাচনী প্ৰচাৰত।

গুজৰাটত ডুবন্তপ্ৰায় বিজেপিক উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে গুজৰাটৰ কে’বাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। গুজৰাটৰ ভোটাৰৰ মন মুহিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ লগতে সাম্প্ৰদায়িক মন্তব্যও কৰা দেখা গ’ল।লগতে প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মুখ্যমন্ত্ৰী শৰ্মা

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই মিথ্যাচাৰেৰে যেন সমগ্ৰ অসমবাসীকেই দেশবাসীৰ আগত লজ্জানত কৰিলে। গুজৰাটৰ ভোটাৰক উদ্দেশ্যিক কোৱা ভাষণত কি সাম্প্ৰদায়িক মন্তব্য আৰু মিথ্যাচাৰৰ আশ্ৰয় ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

মিথ্যাচাৰ এক

২০১৪ চনলৈকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজধানীসমূহলৈকে মিটাৰগ্ৰজ ৰে’ল পথহে আছিল। ব্ৰডগজ ৰেলপথ নাছিল।

মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মিথ্যাচাৰ চাওক— ২০১৪ চন বাদেই দিয়ক আপুনি কংগ্ৰেছী ৰাজনীতিত সক্ৰিয় হোৱাৰ পূৰ্বে ১৯৯৪ চনতে গুৱাহাটীৰ পৰা চাপৰমুখ হৈ লামডিঙলৈ ১৭৯ কিলোমিটাৰ ৰে’লপথ মিটাৰগ্ৰজৰ পৰা ব্ৰডগজলৈ উন্নীত কৰা হৈছিল। ২০১৪ চনলৈকে উত্তৰ পূৰ্বাঞ্চলত ব্ৰগডজ ৰে’লপথ নাই বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশবাসীৰ আগত কেৱল নিজেই নহয় সমগ্ৰ অসমবাসীক কিয় লজ্জানত কৰিছে?

মিথ্যাচাৰ দুই

মুখ্যমন্ত্ৰীয়ে কৈছে ২০১৪ চনলৈকে টাৱাঙলৈ যাবলৈ ভাৰতীয় সেনাক ১৫ দিন লাগিছিল। কোনো ৰাস্তাঘাট নাছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত ছিক্স লেন হাইৱে নিৰ্মাণ কৰিছে। 

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ প্ৰমাণ কৰি সোঁৱৰাই দিব খোজো যে  ২০০৮ চনতেই তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে অৰুণাচল প্ৰদেশৰ ট্ৰান্স অৰুণাচল ঘাইপথৰ অভিলাষী প্ৰকল্পটো ঘোষণা কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে লগতে কৈছিল যে অৰুণাচল প্ৰদেশৰ প্ৰতিখন জিলা সদৰকে দুই লেনযুক্ত ঘাইপথেৰেও সংযোগ কৰা হ’ব।

মিথ্যাচাৰ তিনি

মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৪ চনলৈকে উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ দুটাহে বিমান বন্দৰ আছিল। এইটো নক’লেও হ’ব যে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰে পৰা উত্তৰ পূৰ্বাঞ্চলক বাদেই দিয়ক অসমৰে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, লখিমপুৰ আদি বিমান বন্দৰ কাৰ্যক্ষম হৈ আছিল।

মিথ্যাচাৰ চাৰি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দেশত সন্ত্ৰাসবাদীয়ে বোমাটো বাদেই এটা গুলীও ফটোৱা নাই। ডঃ শৰ্মাৰ মতে প্ৰধান অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছৰে পৰা কাশ্মীৰতো শান্তিয়ে বিৰাজ কৰিছে। কাশ্মীৰীসকলে শান্তিৰে আছে, পৰ্যটকে নিশা দুপৰতো ঘূৰা ফুৰা কৰিব পাৰে। কিন্তু প্ৰকৃত সত্য কি এতিয়া কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত সৈনিক নিহত হৈছে, আনকি কাশ্মীৰ পণ্ডিতকো দিন দুপৰতে সন্ত্ৰাসবাদীয়ে হত্যা কৰি আহিছে। জন্মু আৰু কাশ্মীৰত এতিয়াও সন্ত্ৰাসবাদী গতি বিধি সক্ৰিয় হৈয়ে আছে।

মিথ্যাচাৰ পাঁচ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰেট ব্ৰিটেইনক পিছ পেলাই ভাৰতীয় অৰ্থনীতিৰ বিকাশ কৰিছে। কিন্তু বিজনেছ ইনছাইডাৰৰ মতে ব্ৰিটেইনৰ অৰ্থনীতি ভাৰততকৈ শক্তিশালী। এই দিশত ব্ৰিটেইন বিশ্বৰ পঞ্চম স্থানত থকাৰ বিপৰীতে ভাৰতৰ স্থান হ’ল ষষ্ঠ।

জিডিপিৰ ২.৭৬ ট্ৰিলিয়ন ডলাৰেৰে ব্ৰিটেইন বিশ্বৰ শীৰ্ষ পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে, তাৰ বিপৰীতে ভাৰতে ২.৬৬ ট্ৰিলিয়ন ডলাৰৰ জিডিপিৰে বিশ্বৰ শীৰ্ষ অৰ্থনীতিৰ ষষ্ঠ স্থানত আছে। অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰীয়ে ইয়াতো মিথ্যাচাৰৰ আশ্ৰয় ল’লে।

ইফালে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এজন মুছলমানে মোবাইল থকা হোৱাটছএপত তিনিবাৰ তালাক লিখি মেচেজ দিলেই মুছলমানৰ বিবাহ ভাঙি যায়। মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ প্ৰসংগও উল্লেখ কৰি কয় যে লাভ জেহাদ কৰি মুছলমান যুৱকে শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰি ফ্ৰীজত লুকুৱাই ৰাখিছিল। মুখ্যমন্ত্ৰীয়ে জনা উচিত আছিল যে শ্ৰদ্ধাক ভুৱা পৰিচয় দি আফতাব নামৰ যুৱকজনে সম্পৰ্ক গঢ়ি তোলা নাছিল। মুখ্যমন্ত্ৰীক আমি মনত পেলাই দিব খোজো যে উত্তৰ প্ৰদেশৰ প্ৰীতি শৰ্মা নামৰ হিন্দু যুৱতীয়ে প্ৰেমিক ফীৰোজ মহম্মদক হত্যা কৰি চুইটকেচত ভৰাই ট্ৰেইনত ভৰাই লৈ গৈছিল।

আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই কথাই প্ৰতি প্ৰশংসা কৰি থাকোতে আমাৰ মনলৈ এই কথাও আহিছে। সেয়া হৈছে ২০১৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়। তেতিয়া কংগ্ৰেছী মন্ত্ৰী এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই কৈছিল নৰেন্দ্ৰ মোদীৰ গুজৰাটত পানীৰ পাইপেৰে পানী নহয়, মুছলমানৰ তেজ বৈ যায়।

মুঠতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবোৰ মিথ্যাচাৰ আৰু সাম্প্ৰদায়িক মন্তব্য কৰি দেশবাসীৰ সন্মুখত অসমবাসীক পুনৰ এবাৰ লজ্জানত কৰিছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd