NORTHEAST NOW (Assamese)

দিল্লীৰ বৰ্দ্ধিত প্ৰদূষণ ৰোধৰ বাবে ‘গ্ৰীণ দিল্লী’ মোবাইল এপ মুকলি মুখ্য মন্ত্ৰী কেজৰিৱালৰ

October 29, 2020 3:35 pm · এন ই নাও নিউজ

ৰাজধানী দিল্লীৰ ক্ৰমাবৰ্দ্ধমান প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ‘গ্ৰীণ দিল্লী’ নামৰ এটা মোবাইল এপ মুকলি কৰে।

মূলত প্ৰদূষণ সৃষ্টিকাৰী উৎসসমূহ দিল্লী চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে যাতে জনসাধাৰণেও প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে সেই উদ্দেশ্যে এই এপটো মুকলি কৰা হৈছে।

‘গ্ৰীণ দিল্লী’ এপটো মুকলি কৰি মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে জনসাধাৰণে এই এপটোৰ জৰিয়তে প্ৰদূষণ সৃষ্টিকাৰী কাৰ্য্য যেনে অবৈজ্ঞানিক পদ্ধতিত আৱৰ্জনা জ্বলোৱা, উদ্যোগিক প্ৰদূষণ আদিৰ ফটো নাইবা ভিডিঅ’ প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিব পাৰিব।

জনসাধাৰণে এনেদৰে প্ৰদৃষণ সৃষ্টিকাৰীৰ ফটো অথবা ভিডিঅ’ এপটোত আপলোড কৰাৰ লগে লগে এই অভিযোগ নিৰ্দিষ্ট বিভাগৰ ওচৰত স্বয়ংক্ৰিয়ভাৱে পঞ্জীয়ন হৈ যাৱ।

উল্লেখযোগ্য যে, ৰাজধানী দিল্লীত ক্ৰমাৎ প্ৰদূষণ বৃদ্ধি পাই আহিছে। চলিত সময়ত দিল্লীৰ জলবায়ু অতি শোচনীয় অৱস্থালৈ গতি কৰিছে।

Related News