মাজুলীৰ জেংৰাইমুখ আদৰ্শ চিকিৎসালয় উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Chief Minister Sarbananda Sonowal inaugurating Jengraimukh Model Hospital at Ujani Majuli on 12-11-19. pix by UB PHOTOS

চিকিৎসালয় উদ্বোধন কৰাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মাজুলীৰ জেংৰাইমুখ আদৰ্শ চিকিৎসালয় উদ্বোধন কৰে।

চিকিৎসালয়খন উদ্বোধনী উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি সোণোৱালে ৰাজ্যৰ উন্নত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত অঞ্চলৰ লোক সকলক যথোপযুক্ত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয়।

আনহাতে, মাজুলীৰ জেংৰাইমুখত স্থাপন কৰা আদৰ্শ চিকিৎসালয় খনে উজনি মাজুলীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে দাঁতিকাষৰীয়া জিলাৰ ৰাইজকো উপকৃত কৰিব বুলি মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

তদুপৰি, নৱ নিৰ্মিত চিকিৎসালয় খন কাৰ্য্যক্ষম কৰি তোলাৰ বাবে চিকিৎসালয়খনত প্ৰয়োজনীয় সা-সৰঞ্জাম উপলব্ধ কৰাৰ লগতে চিকিৎসক, নাৰ্চ আৰু টেকনিচিয়ান নিযুক্তি দিয়া হৈছে বুলিও সোণোৱালে কয়।

মাজুলীৰ স্বাস্থ্য সেৱা খণ্ডক বিশেষ গতি প্ৰদান কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীসকলকো ধন্যবাদ জনায়।

একেখন অনুষ্ঠানতে ভাষণ প্ৰদান কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দূৰদৰ্শী পদক্ষেপ আৰু বলিষ্ঠ নেতৃত্বৰ বাবে আগন্তুক বছৰ সমূহত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডত আমূল পৰিৱৰ্তন হ’ব বুলি উল্লখ কৰে।

আজিৰ সভাত সাংস্কৃতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ ছায়েঙিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ড়০ এছ লক্ষ্মনন, মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী আৰু প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।