• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ বাবে কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 25, 2025 6:41 pm
68
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উজনি অসমৰ ৰাইজৰ অধিক কাষলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰু প্ৰশাসনিক আন্তঃগাঁথনিৰ পৰিবৰ্ধনৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ কাৰ্যালয়ৰ লগতে মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় আৰু এটা সম্মিলন কেন্দ্ৰৰ শিলান্যাস কৰে।

ডিব্ৰুগড়ৰ মাইজানৰ পল্টন বজাৰস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাষতে ৬৫ কোটি টকা ব্যয়েৰে এই প্রকল্পটো নিৰ্মাণ কৰা হ’ব। শিলান্যাসৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰয়াসৰ অংশ হিচাপে প্রশাসনিক আন্তঃগাঁথনি নিৰ্মাণৰ এই পদক্ষেপ লোৱা হৈছে।

আজি শিলান্যাস কৰা প্ৰকল্পটোত মন্ত্ৰীসকলৰ বাবে ২০ টা কাৰ্যালয়ৰ লগতে থকা খোৱাৰ সুবিধা সম্বলিত ১০ টা কোঠা, ৩৫০ খন আসনযুক্ত এটা সন্মিলন কেন্দ্ৰ আৰু ১২০ খন আসনযুক্ত এটা সভাকক্ষ নির্মাণ কৰা হ’ব বুলি তেওঁ কয়। ইয়াৰোপৰি মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ কাৰ্যালয় থাকিবলগীয়া দুমহলীয়া ভৱনটোত বিষয়াসকলৰ কাৰ্যালয় কক্ষ, এটা কাৰ্মচাৰীৰ কাৰ্যালয় কক্ষ, এটা সভাকক্ষ, গাড়ী পাৰ্কিঙৰ সুবিধা আৰু অন্য প্রয়োজনীয় সা-সুবিধাবোৰ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

তেওঁ কয় যে উজনি অসমত নাগৰিককেন্দ্ৰিক উন্নয়ন দ্রুততৰ কৰিবলৈ আৰু ৰাজ্য প্ৰশাসনক অঞ্চলটোৰ ৰাইজৰ অধিকওচৰলৈ লৈ যোৱাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, কেবাগৰাকী বিধায়ক, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু আন বিশিষ্ট ব্যক্তিসকল শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd