১৫ আগষ্টৰ পূৰ্বে কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাছাও হৰ্টিকালচাৰ কলেজ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণিৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

DSC_9651

সোণোৱালৰ বৈঠক

মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে আজি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আৰু ৰূপায়ন কৰিবলগীয়া কৃষি আঁচনি সমূহ পৰ্যালোচনা কৰে। মুখ্য মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী কৃষি সিচাই যোজনাখন ক্ষীপ্ৰ গতিত ৰূপায়ন কৰাৰ বাবে নিৰ্দেশ দি কয় যে আঁচনিখনৰ জৰিয়তে যাতে অধিক সংখ্যক কৃষকক সামৰি ল’ব পৰা যায় সেই উদ্দেশ্যৰে সচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব।

সোণোৱালে এই আঁচনিখনৰ জৰিয়তে অহা ২০ জুনৰ ভিতৰত ৰাজ্যখনৰ ১০ হাজাৰ জন কৃষকক সামৰি ল’ব পৰাকৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাখন ব্যাপক ৰূপত প্ৰসাৰিত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে সোণোৱালে। বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে যে চলিত বছৰত ৰাজ্যখনৰ ৫ লাখ কৃষকক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সামৰি লোৱা হ’ব।

লগতে মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বহু সংখ্যক কৃষক তামোল, কল ইত্যাদি কৃষিৰ জৰিয়তে ৰাজ্যৰ উৎপাদন বৃদ্ধি কৰি আহিছে বুলি কয়। এই যোজনাখনৰ জৰিয়তে এনেধৰণৰ কৃষকসকলকো সামৰি লোৱাৰ বাবে নিৰ্দেশ দিয়া হয়।

আজি অনুষ্ঠিত হোৱা বৈঠকখনত প্ৰধান মন্ত্ৰী কৃষি সন্মান নিধি সম্পৰ্কতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত কৃষি বিভাগৰ বিষয়াসকলে জনায় যে এই আঁচনিখনৰ জৰিয়তে ইতিমধ্যে ২৩৫.২৬ কোটি টকা কৃষকক প্ৰদান কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাখন অধিক সম্প্ৰসাৰিত ৰূপত ৰূপায়িত কৰিব লাগিব যাতে অধিক সংখ্যক কৃষকৰ কৃষি উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব পৰা যায়।

তদুপৰি এই আঁচনিখন যথাৰ্থৰূপত ৰূপায়ন কৰিব পাৰিলে ৰাজ্যখনৰ কৃষকসকলৰ অধিক উৎপাদন বৃদ্ধিত সহায়ক হৈ উঠিব বুলিও সোণোৱালে মন্তব্য কৰে। বৈঠকত তেওঁ ১৫ আগষ্টৰ পূৰ্বে কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাছাওত হৰ্টিকালচাৰ কলেজ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, কৃষি বিভাগৰ সচিব ৰাজেশ প্ৰসাদ আদিকে ধৰি ভালে কেইগৰাকী কৃষি বিষয়া উপস্থিত থাকে।