চিলাৰায় ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ অনুদান ঘোষণা মুখ্য মন্ত্ৰীৰ

সৰ্বানন্দ সোণোৱালৰ আলোকচিত্ৰ

বিশ্ববীৰ চিলাৰায়ৰ স্মৃতিত বজালীৰ দৈশিংৰী গাঁৱত চিলাৰায় ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ চৰকাৰী আৰ্থিক অনুদান ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, অকয়া সত্ৰৰ উন্নয়নৰ বাবেও ২৫ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা হয়।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটা জিলাৰ অকয়াৰ ন-পুৰিয়া পথাৰ, বীৰ চিলাৰায় ক্ষেত্ৰত চিলাৰায়ৰ ৫০৯ তম জন্মজয়ন্তী উপলক্ষে আয়োজিত চিলাৰায় দিৱসত উপস্থিত থাকি আজি এই ঘোষণা কৰে সোণোৱালে।

ভাষণ প্ৰসংগত সোণোৱালে অসমৰ যুৱ প্ৰজন্মক চিলাৰায়ৰ আদৰ্শ আগত ৰাখি প্ৰচুৰ শ্ৰম কৰিবলৈ আহ্বান জনায়।পৰিবৰ্তন নিজে নিজে নাহে শ্ৰম আৰু কৰ্ম সংস্কৃতিৰ দ্বাৰাহে পৰিবৰ্তন সম্ভৱ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শিক্ষা গুৰু, সাহিত্যিক সকলো স্তৰৰ ব্যক্তিকে অসমৰ যুৱ প্ৰজন্মক চিলাৰায়ৰ আদৰ্শ সমূহৰ বিষয়ে অৱগত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়েজনে আহ্বান জনায়।

মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে অনুষ্ঠানত উ্পস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস আৰু স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই। ৰঞ্জিৎ দাসে ভাষণত অসমীয়া জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত মহাপুৰুষ শংকৰদেৱ, বীৰ চিলাৰায়ৰ আদৰ্শৰে সকলোকে আগবাঢ়ি যোৱাৰ বাবে কয়। বিজেপিৰ চৰকাৰৰ দিনত বিভিন্ন আচনিৰ পৰা ৰাইজে কেনেদৰে উপকৃত হ’ব সেয় বিষয়েও বিজেপিৰ সভাপতিজনে মন্তব্য কৰে।