NORTHEAST NOW (Assamese)

জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

September 28, 2020 7:20 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধুবুৰী জিলাৰ চাপৰস্থিত ৰত্নপীঠ মহাবিদ্যালয়ত জননেতা, ভূতপূৰ্ব মুখ্য মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰে।

মুখ্য মন্ত্ৰীয়ে ভূতপূৰ্ব মুখ্য মন্ত্ৰী গৰাকীৰ স্মৃতিত নিৰ্মিত স্মাৰক উদ্যান, প্ৰেক্ষাগৃহ আৰু জননেতা গৰাকীৰ পুনৰ নিৰ্মিত বাসগৃহ ‘কপোত নীড়’ৰ শুভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে,স্মাৰক উদ্যান, প্ৰেক্ষাগৃহ আৰু বাসগৃহ পুনৰ নিৰ্মাণত মুখ্য মন্ত্ৰীৰ আছুতীয়া পুঁজিৰ পৰা ২০১৬-১ বৰ্ষৰ অধীনত মুঠ ১ কোটি টকা ব্যয় কৰা হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আছিল সততা, নিষ্ঠা আৰু অনাড়ম্বৰ জীৱন-যাপনৰ এক উজ্জ্বল নিৰ্দশন।

নতুন প্ৰজন্মই মহান নেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজি অধ্যয়ন কৰি নিজকে একো একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টাত ব্ৰতী হ’ব লাগিব বুলিও সোণোৱালে কয়।

অতি অনাড়ম্বৰভাৱে জীৱন-যাপন কৰি কেনেদৰে সততা আৰু নিষ্ঠাৰে সামজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিব পাৰি সেই পথ জননেতা গৰাকীয়ে দেখুৱাই থৈ গৈছে।

এনে এগৰাকী মহান নেতাৰ জন্ম দিয়া চাপৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ মাজেৰে জীৱনত কৃতকাৰ্য্য হ’বলৈ প্ৰয়াস চলাবলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ক্ৰমে অশোক কুমাৰ সিংহী, অশ্বিনী ৰায় সৰকাৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মুখ্য মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পৰিয়ালৰ সদস্য অৰুণ কুমাৰ সিংহ প্ৰমুখ্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Related News