‘লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলে আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ কৰিছিল’ : মুখ্যমন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় একতা দিৱসৰ সংকল্প পাঠ কৰোৱালে মুখ্যমন্ত্ৰীয়ে

2(1)

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি উদ্যাপিত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি ডিব্ৰুগড়ৰ উপাযুক্ত কাৰ্যালয়ৰ সভা কক্ষত আয়োজিত অনুষ্ঠানত সংকল্প পাঠ কৰোৱায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমনত্ৰীয়ে কয় যে আজিৰ দিনটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ৷

লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো আজি সমগ্ৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদ্‌যাপন কৰিছে। এইগৰাকী ৰাষ্ট্ৰ নেতাই আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰনেতাগৰাকীয়ে সৰু-বৰ সকলো ৰাজ্যকে একত্ৰিত কৰি এক মহান আদৰ্শ প্রতিষ্ঠা কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বল্লভ ভাই পেটেলৰ আদৰ্শৰে ভাৰতবৰ্ষক বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কামত নিষ্ঠা সহকাৰে ব্ৰতী হৈ আহিছে। সততা, নিষ্ঠা আৰু আন্তৰিকতাৰে দেশৰ প্রতি সমৰ্পিত হৈ কাম কৰাটোকে ৰাষ্ট্ৰ ধৰ্ম পালন কৰা বুলি কয়। এই ধৰ্ম কেনেকৈ পালন কৰিব লাগে চৰ্দাৰ বল্লভভাই পেটেলে নিজৰ কৰ্মৰাজিৰ মাজেৰে বলিষ্ঠৰূপতপ্ৰতিষ্ঠা কৰি থৈ গৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰ্দাৰ বল্লভভাই পেটেল সকলোৰে বাবে এগৰাকী নমস্য ব্যক্তি। ৰাষ্ট্ৰৰ একতা, অখণ্ডতা, নিৰাপত্তাৰ বাবে আমি সকলোৱে তেখেতৰ আদৰ্শৰে সংকল্পবদ্ধ হ’ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান বাস্তৱায়িত কৰিব লাগিলে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰে আমি এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগীয়ে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলে দেশক ব্ৰিটিছৰ শাসনৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে যথেষ্ট ত্যাগ কৰিছিল।

আজিৰ এই অনুষ্ঠানত বিধায়কসকল ক্ৰমে বলীন চেতিয়া, বিনোদ হাজৰিকা, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, নৰেন সোণোৱাল, প্রশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, সোণোৱাল স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।