মাজুলী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

মাজুলীত জিলা চিকিৎসালয় উদ্বোধনৰ সময়ত মুখ্য মন্ত্ৰী। ফটো-নৰ্থ-ইষ্ট নাও

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহ সমষ্টি মাজুলীত ২০০ খন বিছনাযুক্ত অত্যাধুনিক মাজুলী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২২ কৌটি টকা ব্যয়ৰে নিৰ্মান কৰিবলগীয়া চিকিৎসালয়খনৰ কাম আগন্তুক ২৪ মাহৰ ভিতৰত সম্পুৰ্ণ হৈ উঠিব বুলি কয় সোণোৱালে।

জিলা চিকিৎসালয়খনৰ আধাৰশিলা উদ্বোধন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কংগ্ৰেছক মাজুলীবাসীৰ বাবে কোনোধৰণৰ উন্নয়নমূলক কাম নকৰা বুলি সমালোচনা কৰে। উদ্বোধনী অনুষ্ঠানৰ ভাষণত সোণোৱালে বিজেপিয়ে কেবল উন্নয়নৰ ৰাজনীতি কৰে কংগ্ৰেছৰ দৰে সুতা কম্বলৰ ৰাজনীতি নকৰে বুলি বিৰোধী দলটোক কটাক্ষ কৰে।

 

মাজুলীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান মুখ্য মন্ত্ৰী সোণোৱালৰ

বিভিন্ন কাৰ্য্যসূচী হাতত লৈ মাজুলী ভ্ৰমণলৈ অহা সোণোৱালে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাজুলী জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক ভাবে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। কমলাবাৰী মাজুলী মিলন সংঘত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ১৭৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া লেপটপ বিতৰণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনহাতে, বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি সোণোৱালে ছাত্ৰ-ছাত্ৰী সকলক এখন বিকশিত অসম গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়। অসম চৰকাৰে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বৃত্তি মুখি শিক্ষা ব্যাৱস্থা গঢ়ি তোলাৰ বাবে সদায় চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।