ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা কাতি বিহু অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

DSC_4967

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দৰং জিলাৰ মঙলদৈৰ বামুণপাৰা-মনপুৰ পথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা কাতি বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে তুলসীৰ তলত চাকি জ্বলাই সেৱা লোৱাৰ লগতে ধাননি পথাৰত বন্তি প্রজ্বলন কৰে তথা আকাশ বন্তিও প্রজ্বলন কৰে।

কাতি বিহু উদযাপন উপলক্ষে বামুণপাৰা-মনপুৰ পথাৰত আজি এক হাজাৰ মহিলাই বন্তি প্রজ্বলন কৰি এক নান্দনিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।

কাতি বিহু উদযাপন অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনধাৰাক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত কাতি বিহুৱে অনন্য অৰিহণা যোগাই আহিছে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ সেউজ পথাৰখনক অধিক বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে।

কাতি বিহুৰ বাবে খেতিয়ক তথা অসমবাসীক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে কাতি বিহু চৰকাৰীভাৱে পালন কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ পৰিবৰ্তন সাধন কৰাৰ বাবে ছয়েল হেল্থ কাৰ্ড, ফচল বীমা যোজনা, পি এম কিষাণ নিধিৰ লেখীয়া বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে।

আজিৰ এই অনুষ্ঠানত জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, হাউছফেডৰ অধ্যক্ষ তথা বিধায়ক ৰঞ্জিত দাস, বিধায়কদ্বয় গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমন্ল বৰুৱা, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল।