দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীলৈ আহিব মুখ্য মন্ত্ৰী সোণোৱাল

Sarbananda_Sonowal Assam submitted recommendation to Centre on framing CAA rules: Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি গৃহ সমষ্টি মাজুলীত উপস্থিত হ’ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

হেলিকপ্টাৰেৰে জিলা সদৰ গড়মূৰত উপস্থিত হ’ব লগা মুখ্য মন্ত্ৰীগৰাকীয়ে দিনৰ ১০.৩০ বজাত মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন বৈঠকত অংশগ্ৰহণ কৰি জিলাখনৰ উন্নয়ন প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰিব।

লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ অধ্যক্ষতাত গঠিত গুৰুত্বপূৰ্ণ সমিতিখনৰ এই বৈঠকত মাজুলীৰ স্থানীয় বিধায়ক হিচাপে ভাগ ল’ব মুখ্য মন্ত্ৰী সোণোৱালে।

নিশাটো গড়মূৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি সোণোৱালে দ্বিতীয় দিনা ভালেকেইখন গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি-প্ৰকল্পৰ আনুষ্ঠানিক আধাৰশিলা স্থাপনৰ লগতে গড়মূৰৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ব্লাড-বেংকৰ শুভ উদ্বোধন কৰিব।

শনিবাৰে পুৱা ১০ বজাত গড়মূৰৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ব্লাড-বেংকটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পাছতে জেংৰাইমুখৰ বৰপমুৱাত আগবেলা ১০.৩০ বজাত আয়োজিত আন এখন বিশাল সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ ১০৪.১১ কোটি টকা ব্যয় সাপেক্ষ ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ আধাৰশিলা স্থাপনৰ ফলক একত্ৰে উন্মোচন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব।

তদুপৰি বৰপমুৱাৰ একেটা অনুষ্ঠানতে মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰায় ২৫ কোটি টকা ব্যয়েৰে আউনিআটীত নিৰ্মাণ কৰিবলৈ লোৱা মাজুলী জিলা বিজ্ঞান-প্ৰযুক্তি কেন্দ্ৰ তথা তাৰকাগৃহ, প্ৰায় ২ কোটি টকা ব্যয়েৰে গড়মূৰৰ সমীপত নিৰ্মাণ কৰিবলৈ লোৱা মাজুলী জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় তথা আঞ্চলিক পৰিবহন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন, বনগাঁৱত ১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মাজুলী সংমাণ্ডলিক কাৰ্যালয় চৌহদৰ আধাৰশিলাৰ ফলকো একেলগে উন্মোচন কৰি আঁচনি তথা প্ৰকল্পকেইটাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব।

এই অনুষ্ঠানতে জলসিঞ্চন বিভাগে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন আঁচনিৰ অধীনত জিলাখনত ৰূপায়ণ কৰা ২০খন ‘সৌৰশক্তি আৰু বিদ্যুৎ শক্তিচালিত হাইব্ৰিড নলীনাদ জলসিঞ্চন আঁচনি’ও উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে।

শনিবাৰে বৰপমুৱাৰ এই অনুষ্ঠানত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱায়ো অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ পাছতে মুখ্য মন্ত্ৰীগৰাকীয়ে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী সামৰি বিয়লি মাজুলীৰ পৰা প্ৰস্থান কৰিব।