নলবাৰী জিলাৰ উলাবড়ীৰ পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ মুখ্য মন্ত্ৰী সোণোৱালৰ

WhatsApp Image 2019-08-23 at 5.50.20 PM

নাও খেল প্ৰত্যক্ষ কৰিছে মুখ্য মন্ত্ৰীয়ে

‘৬ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে আজিৰ দিনটো হ’ল এক পবিত্ৰ দিন। কাৰণ আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। ভগৱান শ্ৰী কৃষ্ণই মানৱ সমাজক নিষ্ঠা, সততা, মানৱীয় মূল্যবোধেৰে আগবঢ়াৰ পথ প্ৰদৰ্শন কৰি গৈছে’।

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে নলবাৰী জিলাৰ উলাবড়ীত হিতসাধিনী পুথিভঁড়ালৰ দ্বাৰা আয়োজিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰীয়ে লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনৈ আৰু বৰাক আৰু ইয়াৰ ১১ খন উপনৈৰ পাৰতে অসমৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি এই সভ্যতা-সংস্কৃতি আৰু পৰম্পৰা সমূহক জীয়াই ৰখাৰ বাবে সকলোৱে মিলি ঐকবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব বুলি কয়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে উলাবড়ীত অনুষ্ঠিত পৰম্পৰাগত নাও খেলে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক অনুকূল বাতাবৰণ সৃষ্টি কৰি সমাজখনক গতিশীল দিশেৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শন কৰে বুলি উল্লেখ কৰি পাগলাদিয়া নদীত অনুষ্ঠিত পৰম্পৰাগত এই নাও খেল প্ৰতিযোগিতাই নৱ প্ৰজন্মক সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই যাব বুলিও কয়।

তদুপৰি, সোণোৱালে বৃহত্তৰ বৰভাগ অঞ্চলৰ উন্নয়নৰ দিশত গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰু বিধায়কে ঐক্যবদ্ধভাবে প্ৰচেষ্টাত ব্ৰতী হৈ আছে বুলি উ্ল্লেখ কৰি এই অঞ্চলৰ সামগ্ৰিক বিকাশৰ দিশত ৰাজ্য চৰকাৰেও যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।

বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, অসম খাদী আৰু গ্ৰামোদ্যাগ ব’ৰ্ডৰ অধ্যক্ষ ডা০ কমলা কলিতাই ভাষণ প্ৰদান কৰে।

মুকলি সভাৰ পূৰ্বে মুখ্য মন্ত্ৰীয়ে চূড়ান্ত নাও খেল প্ৰতিযোগিতাও প্ৰত্যক্ষ কৰে। মুখ্য মন্ত্ৰীয়ে লগতে নাও খেল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল দুটাক বিজয়ী ট্ৰফীও প্ৰদান কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থও মুখ্য মন্ত্ৰী সোণোৱালে উদ্ধোধন কৰে।