NORTHEAST NOW (Assamese)

নতুন দিল্লীলৈ ৰাওনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

May 20, 2019 8:55 am · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ আমন্ত্ৰণমৰ্মে ১৯ মে’ৰ নিশা নতুন দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উল্লেখযোগ্য যে অলপতে ৰাজ্যত সংঘটিত গ্ৰেনেড বিস্ফোৰণ তথা এই ঘটনাৰ সৈতে ৰাজ্যৰ একাংশ বুদ্ধিজীৱীও জড়িত থকাৰ সন্দেহ থকা বুলি অসম আৰক্ষীয়ে মন্তব্য কৰিছিল। যাক লৈ বৰ্তমান উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়।

সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰ তথা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে এই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা তথা অধিক তথ্য জানিব বিচাৰিছে বুলি জানিব পৰা গৈছে।

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰে হোৱা বৈঠকত এই সকলো তথ্য বিস্তৃতভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰিব। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ লগতে ইছলামিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ হোৱা বহিঃৰাষ্ট্ৰৰ ধনৰ পুঁজিৰ উৎস সন্দৰ্ভতো বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News