NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

September 5, 2018 6:45 pm · এন ই নাও নিউজ
Updated: September 5, 2018 11:27 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক এই ঘটনাৰাজিৰ সবিশেষ তদন্ত কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

লগতে কি পৰিস্থিতিত নাওখন দুৰ্ঘটনাত পতিত হ’ল তথা নাও দুৰ্ঘটনাৰ সৈতে জড়িত থকা অন্যান্য কাৰণ সমূহ পুংখানুপুংখভাৱে তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কাৰৰ বাবেও মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা উত্তৰ গুৱাহাটীৰ মধ্যখণ্ড ফেৰীঘাটলৈ গৈ থকা অৱস্থাত যাত্ৰীবাহী যন্ত্ৰ চালিত নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হয়।

বৰ্তমানলৈকে দুৰ্ঘটনাটোত দুগৰাকী ছাত্ৰী আৰু এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বাকী লোকসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Related News