অহা বছৰৰ ১ৰ পৰা ৩ ফেব্ৰুৱাৰিলৈকে নগাঁৱৰ ৰহাত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ ১০ম বিশেষ বাৰ্ষিক অধিৱেশনত সকলো ধৰণৰ ‘সহায়-সহযোগিতা আগবঢ়োৱা’ৰ প্ৰতিশ্ৰুতি দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত পৰ্য্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
‘অধিৱেশন থলীৰ আন্তঃগাঁথনিকে ধৰি পথ যোগাযোগ ব্যৱস্থা সুচলতৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শক্তি, জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্তানী ইত্যাদি বিভাগসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’ব,’ বৈঠকত ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ।
মুখ্য মন্ত্ৰীয়ে লগতে কয় যে আয়োজক সমিতিৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহে একোগৰাকীকৈ ন’দেল বিষয়াক দায়িত্ব অৰ্পণ কৰিব।
বৈঠকত সভাৰ আয়োজক সমিতিৰ লগতে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্য সচিব আলোক কুমাৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি আন বহু জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।