পুঠিমাৰী নৈৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাৰ আঠগাঁৱত উপস্থিত হৈ পুঠিমাৰী নদীৰ নিৰ্মীয়মাণ পথ তথা মথাউৰি প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ লয়।

প্ৰকল্পস্থলীত সাংবাদিকৰ  সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ক’ভিড-১৯-ৰ সমান্তৰালভাৱে ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি আৰু গৰাখহনীয়া মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্য মন্ত্ৰীয়ে কয় যে, ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে  যুঁজখন দীঘলীয়া হ’ব।

সেইবাবে ৰাজ্য চৰকাৰে  অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিবছৰে ৰাজ্যখনৰ বিস্তীৰ্ণ এলেকা বানত প্লাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বান সমস্যা মোকাবিলা কৰাৰ বাবে যাৱতীয় সকলো ধৰণৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰীয়ে কয়।

নিৰ্মাণ কাৰ্য্য অব্যাহত থকা ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনক প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ’লে ৰঙিয়া মহকুমাৰ এক বিস্তৃৰ্ণ অঞ্চলৰ জনসাধাৰণ বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

ল’কডাউনৰ বাবে মথাউৰিৰি মেৰামতি আৰু নিৰ্মাণ কাৰ্যত সামান্য পলম হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

আনহাতে, মথাউৰি নিৰ্মাণৰ কামৰ পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ বিষয়াসকলে নিৰ্মাণ কাৰ্য্যৰ সবিশেষ মুখ্য মন্ত্ৰীক অৱগত কৰে।

বিষয়াসকলে কয় যে প্ৰায় ৫৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য অব্যাহত থকা এই প্ৰকল্পটিত জিঅ’ বেগৰ দৰে প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে বুলি কয়।

আজিৰ পৰিদৰ্শনৰ সময়ত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য উপস্থিত থাকে।