NORTHEAST NOW (Assamese)

উমৰাংচুত আজি প্ৰশাসনিক সেৱা প্ৰশিক্ষণ একাডেমীৰ আধাৰশিলা স্থাপন কৰিব মুখ্য মন্ত্ৰীয়ে

February 25, 2019 8:22 am · পংকজ কুমাৰ দেব
ইন্টাৰনেটৰ পৰা সংগৃহীত সোণোৱাল আৰু হিমন্তৰ আলোকচিত্ৰ

ডিমা হাচাও জিলাৰ উমৰাংচুত প্ৰস্তাৱিত প্ৰশাসনিক সেৱা প্ৰশিক্ষণ একাডেমীৰ আধাৰশিলা স্থাপনৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হ’ব পাৰ্বত্য জিলাখনত। সোণোৱালৰ লগতে অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটীৰ পৰা বিশেষ হেলিকপ্টাৰেৰে যাত্ৰা কৰি ৰাতিপুৱা ১০ বজাত উমৰাংচুত উপস্থিত হ’ব সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। চৰকাৰী তথ্য অনুসৰি প্ৰায় এহেজাৰ বিঘা ভূমিত নিৰ্মাণ হ’ব প্ৰস্তাৱিত প্ৰশাসনিক সেৱা প্ৰশিক্ষণ একাডেমীখন।

আধাৰশিলা স্থাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ  মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লচা, অধ্যক্ষা ৰাণু লাংথাচা আৰু পৰিষদৰ নবনিযুক্ত কাৰ্য্যবাহী সদস্য সকল।

প্ৰশাসনিক সেৱা প্ৰশিক্ষণ একাডেমীৰ আধাৰশিলা স্থাপনৰ পাছত উমৰাংচু  গ’লফ কৰ্টত অনুষ্ঠিত হ’বলগা এখন জনসভাত অংশ ল’ব মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিমা হাচাও জিলা বিজেপিয়ে ইতিমধ্যে অনুষ্ঠানটো সফল কৰি তুলিবৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।

Related News