অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যত ক্ৰিকেটৰ বিকাশৰ বাবে ইতিবাচক পৰিৱেশ ৰচনাৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এ চি এ বাৰ্ষিক বঁটা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এক কাৰ্য্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও প্ৰতিভাশালী উদীয়মান ক্ৰিকেটাৰক প্ৰদান কৰে।

এই বঁটাত একোটাকৈ স্মাৰক আৰু আৰ্থিক পুৰস্কাৰৰ চেক ক্ৰিকেটাৰ সকলক আগবঢ়োৱা হয়।

মুখ্য মন্ত্ৰী সোণোৱালে সুপ্ৰজিত শইকীয়া বৰ্ষটোৰ প্ৰশিক্ষক বঁটা, দশৰথ কুমাৰক বৰ্ষটোৰ প্ৰতিভাশালী খেলুৱৈ বঁটা আৰু ৰঞ্জিত মালীক বৰ্ষটোৰ খেলুৱৈ বঁটা প্ৰদান কৰে।

ৰাজ্যৰ কেইবাটাও ক্ৰিকেট ক্লাবক ১ লাখ টকাকৈ এ চি এৰ তৰফৰ পৰা প্ৰদান কৰা আৰ্থিক অনুদানো মুখ্য মন্ত্ৰী সোণোৱালে বিতৰণ কৰে।

এই উপলক্ষে অনুষ্ঠিত কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ক্ৰীড়াই সদভাৱনা আৰু আন্তৰিকতা সমাজত গঢ় দিয়ে।

সমন্বয়ৰ দ্বাৰা শক্তিশালী সমাজ গঢ়াত ক্ৰীড়াই উল্লেখযোগ্য ভূমিকা পালন কৰে। ক্ৰীড়াৰ ক্ষেত্ৰত আত্মনিয়োগ কৰা লোকসকল ভাল মন, ভাল স্বাস্থ্য আৰু ইতিবাচক চিন্তাৰ গৰাকী হয়।

ভূপেন হাজৰিকাৰ ‘ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন’ গীতৰ উদ্ধৃতি দি সোণোৱালে কয় যে ক্ৰীড়াই সমাজত মূল্যবোধ প্ৰতিষ্ঠা কৰে আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে।

ৰাজ্যৰ উঠি অহা যুৱ চামক ক্ৰীড়া ক্ষেত্ৰত নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ক্ৰীড়াবিদ সকলে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে জীৱনত সফলতা আহৰণ কৰে আৰু সেয়েহে তেওঁলোকৰ কষ্টত সাধুতা আৰু সৰলতা প্ৰকাশ পায়।