ধাৰাবাহিক বোমা বিস্ফোৰণত ক্ষুব্ধ মুখ্য মন্ত্ৰী; কুটাঘাতকাৰীক কাপুৰুষ আখ্যা

তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, আলফা জড়িত থকাৰ সন্দেহ আৰক্ষী সঞ্চালক প্ৰধানৰ

IMG-20190402-WA0078(1)

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কটকটীয়া নিৰাপত্তাৰ মাজত গণতন্ত্ৰ দিৱস উদযাপনৰ সময়তে দেওবাৰে পুৱা উজনি অসমৰ কেইবাটাও স্থানত  কম ক্ষমতাসম্পন্ন বিস্ফোৰণে কঁপাই তোলাত ক্ষুব্ধ হৈ পৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বিস্ফোৰণ সংঘটিত কৰা কুটাঘাতকাৰীক কাপুৰুষ আখ্যা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

‘আজি উজনি অসমত দুটামান ঠাইত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছো। সেইসকল কাপুৰুষ।‘ ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘সেইসকলৰ কাপুৰুষালিয়ে অসমৰ শান্তিপূৰ্ণ জনতাৰ মন দুৰ্বল কৰিব নোৱাৰে।‘ বুলি দাবী কৰি সোণোৱালে লগতে কয়, ‘অসমৰ ৰাইজ শান্তিৰ পক্ষত এই কথা স্পষ্ট।‘

ইপিনে, এক উচিত তদন্ত কৰি বোমা বিস্ফোৰণৰ লগত জড়িত সকলক অতি শীঘ্ৰে কাৰায়ত্ত কৰি শাস্তি বিহাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে সোণোৱালে।

তেওঁ আৰু কয়, ‘পুলিচে তদন্ত কৰিছে, অতি সোনকালে কৰায়ত্ত কৰিব বুলি দৃঢ় বিশ্বাস।‘

‘আমাৰ দৃঢ় বিশ্বাস আমাৰ যি উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰা কেতিয়াও স্তব্ধ কৰিব নোৱাৰে।‘ সোণোৱালে লগতে কয়।

তদুপৰি তেওঁ ফেইচবুক পেইজত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে ‘অসমৰ কিছু প্ৰান্তত সংঘটিত বোমা বিস্ফোৰণৰ নিকৃষ্ট ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আজিৰ শুভ দিনটোত এনেধৰণৰ নিৰ্লজ্জ কাপুৰুষালিয়ে উগ্ৰপন্থীসকলৰ চৰম হতাশগ্ৰস্ততাক স্পষ্টভাৱে উদঙাই দিলে। এইধৰণৰ ঘৃণনীয় কাৰ্য্য-কলাপক ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি আহিছে। এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰতম হাতেৰে দমন কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

আনহাতে, এই কুটাঘাতৰ লগত আলফা স্বাধীন জড়িত থকা বুলি সন্দেহ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

‘কেতবোৰ তথ্য সংগ্ৰহ কৰি আছো। আলফালৈয়ে এইটো সূচায়। বাকী তদন্ত আৰম্ভ হৈ গৈছে। ইতিমধ্যে অগ্ৰগতি লাভ কৰিছো।‘ মহন্তই এইদৰে কয়।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ দিনা পুৱা ডিব্ৰুগড়ৰ আস্থা হাস্পাতলৰ সমীপত আৰু গুৰুদ্বাৰাৰ ওচৰৰ এ টি ৰোডত, দুলিয়াজান, ডুমডুমা আৰু সোণাৰিত কম ক্ষমতাসম্পন্ন বোমা বিস্ফোৰিত হৈছিল।