অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী সোণোৱালৰ শ্ৰদ্ধাঞ্জলি

EpaeDWsVoAAxlsd

আইদেউ সন্দিকৈ। ফটো সৌজন্য: টুইটাৰ

আজি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ মৃত্যু বাৰ্ষিকী। ১৯৩৫চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া কথাছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ নামভূমিকাত অভিনয় কৰিছিল কিংবদন্তি শিল্পীগৰাকীয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সোণোৱালে টুইটাৰযোগে শ্ৰদ্ধাঞ্জলি জনাই লিখিছে যে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ এগৰাকী নাৰী শক্তিৰ প্ৰতিভূ। তেওঁ বৃহৎ সামাজিক তথা সাংস্কৃতিক বাধাসমূহ অতিক্ৰমি আগবাঢ়ি আহিছিল আৰু সদায় অনুপ্ৰেৰণা হৈ ৰৈছে। তেওঁৰ মৃত্যু বাৰ্ষিকীত কিংবদন্তি শিল্পীগৰাকীক সুঁৱৰিছো।

১৯২০ চনত গোলাঘাটৰ পানী দিহিঙিয়াত আইদেউ সন্দিকৈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মালাখি সন্দিকৈ।

দুৰ্ভাগ্যজনকভাৱে, আইদেউ সন্দিকৈয়ে তৎকালীন সমাজৰ পৰম্পৰাগত ধাৰাৰ বিপৰীতে সামাজিক শিকলি ভাগি ওলাই অহাৰ বাবে সৰ্বসাধাৰণৰ মনত এলাগী হৈ পৰিছিল আৰু চুবুৰীয়াৰ পৰা প্ৰায় একাষৰীয়া হৈ পৰিছিল তথা সামাজিক নিৰাপত্তাহীনতাত ভূগিছিল।

চিৰজীৱন অবিবাহিত কটোৱা আইদেউ সন্দিকৈয়ে ‘জয়মতী’ৰ পাছত ‘গঙা চিলনিৰ পাখি’ ছবিত সৰু চৰিত্ৰত অভিনয় কৰাৰ উপৰি তেওঁৰ জীৱনভিত্তিক ছবিখনত এগৰাকী অতিথি শিল্পী হিচাপে ভূমুকি মাৰিছিল।

অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ সংগ্ৰামী জীৱনৰ ওপৰত অৰূপ মান্নাই নিৰ্মাম কৰা ‘আইদেউ’ নামৰ ছবিখন ২০০৭চনৰ ৮ফেব্ৰুৱাৰিত মুম্বাই ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মুক্তি দিয়া হৈছিল।