শক্তি বিভাগৰ কাম কাজৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

CM reviews Power Department 3

শক্তি বিভাগৰ সৈতে সোণোৱালৰ বৈঠক।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভা কক্ষত শক্তি বিভাগৰ বিভিন্ন প্ৰকল্প আৰু আঁচনি ৰূপায়ণ সম্পৰ্কত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য মন্ত্ৰীয়ে শক্তিৰ বিকল্প উৎস হিচাপে বায়ু শক্তিৰ লেখীয়া অপৰম্পৰাগত শক্তিৰ অসমত থকা সম্ভাৱনীয়তাৰ দিশটো উপযুক্ত ভাবে পৰীক্ষা কৰাৰ বাবে বিভাগক উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে লগতে শক্তিৰ বাণিজ্যিক বিপণন ব্যৱস্থাটো আধুনিকীকৰণৰ ক্ষেত্ৰটো বিশেষ পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত বিদ্যুতৰ গ্ৰাহকসকলৰ লগত পোনপটীয়া ভাবে মত-বিনিময় কৰাৰ ওপৰটো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

আনহাতে, সকলো আধুনিক সা-সুবিধা উপলব্ধকৰণৰে শক্তি বিভাগৰ বাবে এটা নতুন মুখ্য কাৰ্যালয় স্থাপনৰ দিশত উপযুক্ত পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰীয়ে কয়।

আজিৰ বৈঠকত গেছ টাৰ্বাইন প্ৰকল্প, মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প, আমগুৰি সৌৰ শক্তি প্ৰকল্প, নামৰূপ ৰিপ্লেচমেণ্ট প্ৰকল্প, মাৰ্ঘেৰিটা শক্তি প্ৰকল্প, চন্দ্ৰপুৰত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত গেছ ভিত্তিক প্ৰকল্প ইত্যাদি বিভিন্ন প্ৰকল্প সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কটো আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীয়ে নিৰ্মাণ কাৰ্য্য চলি থকা প্ৰকল্প সমূহ সময় নিৰ্দ্ধাৰিত ভাবে সম্পূৰ্ণ কৰাৰ বাবে  অগ্ৰাধিকাৰৰ ভিত্তিত পদক্ষেপ ল’বলৈও শক্তি বিভাগক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে শক্তি বিভাগৰ প্ৰাত্যাহিক বিদ্যুৎ যোগান অথবা বিদ্যুৎ প্ৰৱাহত বাধাপ্ৰাপ্ত হোৱা, লোড শ্বেডিং কৰিবলগীয়া হোৱাৰ কাৰণ ইত্যাদি বিষয় উল্লেখৰে প্ৰতিদিনে এখনকৈ প্ৰতিবেদন প্ৰস্তুত কৰা আৰু এই প্ৰতিবেদনৰ কপি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়লৈও প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

আণ্ডাৰ গ্ৰাউণ্ড কেৱলৰে বিদ্যুত পৰিবাহী প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাইলট প্ৰজেক্ট হিচাপে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী এলেকাত ইয়াক আৰম্ভ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

বৈঠকত শক্তি বিভাগৰ বিষয়া সকলে মুখ্য মন্ত্ৰীক ‘মুখ্য মন্ত্ৰী আকাশ দ্বীপ যোজনা’, ‘সৌভাগ্য’, চাহ বাগিচাৰ শ্ৰমিকৰ কোৱাৰ্টাৰত বৈদ্যুতিকৰণ, স্মাৰ্ট মিটাৰ ইত্যাদিৰ ক্ষেত্ৰত বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

আজিৰ এই বৈঠকত শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, এপিডিচিএলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, শক্তি বিভাগৰ তিনিওতা কোম্পানীৰ শীৰ্ষ বিষয়াসকলে অংশ গ্ৰহণ কৰে।