বজালীৰ পাঠশালাত শিশু অপহৰণৰ চেষ্টা

Child abduction

বজালীৰ পাঠশালাত সংঘটিত হৈছে এক অপহৰণ কাণ্ডৰ ঘটনা।

পাঠশালাৰ ৩ নং ৱাৰ্ডত অচিনাক্ত দুৰ্বৃত্তই এজন ১০ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা চলায়।

মুখত মাস্ক পৰিধান কৰি শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অপহৰণৰ চেষ্টা কৰে দুৰ্বৃত্তই।

অপহৰণকাৰী দুৰ্বৃত্তই পিষ্টল দেখুওৱাই ভয় খুৱাই ১০ বছৰীয়া প্ৰজ্ঞান শৰ্মাক।

সাংবাদিকৰ আগত অপহৃত শিশুটিৱে শিহৰণকাৰী বৰ্ণনা দাঙি ধৰে।

ঘৰৰ পৰা শিশুটোক বাইকত উঠাই চকুত ক’লা কাপোৰ পিন্ধাই প্ৰথমে পাঠশালা ষ্টেচনলৈ লৈ যায় অপহৰণকাৰীয়ে।

পাঠশালা ষ্টেচনত কিছু সময় বহুৱাই হাতত ৫০ টকা দি ৰে’ল আহিলে উঠিবলৈ কয় শিশুটিক।

শিশুটিৰ ভাষ্য অনুসৰি পাঠশালা ষ্টেচনত বহুৱাই দূৰৰ পৰাই প্ৰত্যক্ষ কৰি আছিল দুৰ্বৃত্তই।

অৱশ্যে কিছুসময় পিছত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত অপহৃত শিশুটিক পাঠশালা ষ্টেচনত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অপহৃত প্ৰজ্ঞান শৰ্মাৰ পিতৃ অনিল শৰ্মা পেচাত এগৰাকী ব্যৱসায়ী|