NORTHEAST NOW (Assamese)

নিশা মাতৃৰ কোলাত শুই থকাৰ পৰাই শিশুক অপহৰণ : আটক অপহৰণকাৰী, উদ্ধাৰ শিশু

August 19, 2018 1:36 pm · কল্পজ্যোতি শইকীয়া
বামুণীমৈদামৰ ভাস্কৰ নগৰৰ পৰা শিশু অপহৰণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মমতাজ আলি। ফটো : নৰ্থইষ্ট নাও

কালি নিশা বামুণীমৈদামৰ পৰা এটি শিশু অপহৰণ কৰি নিয়া ঘটনাৰ লগত জড়িত অপহৰণকাৰীক আটক কৰাৰ লগতে অপহৃত শিশুটিকো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

ঘটনা অনুসৰি শনিবাৰে নিশা বামুণীমৈদামৰ পূব ভাস্কৰ নগৰৰ পৰা এটি দুবছৰীয়া শিশুক  মমতাজ আলি নামৰ দুস্কৃতিকাৰীগৰাকীয়ে অপহৰণ কৰি নিয়ে। ইয়াৰ পিছতে পুৱতি নিশা প্ৰায় ২:৩০ মান বজাত শিশুটিৰ পৰিয়ালৰ লোকে চানমাৰি আৰক্ষী থানাত খবৰ দিয়ে।

ইপিনে খবৰ পোৱাৰ পিছতেই চানমাৰি আৰক্ষীয়ে মহানগৰীৰ আৰক্ষী থানাসমূহত খবৰ দি সকলোকে সষ্টম কৰি দিয়ে।

ইয়াৰ পিছতে চানমাৰি আৰক্ষীয়ে জালুকবাৰী আৰক্ষীৰ সহযোগত অপহৰণকাৰীৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান চলাই কামাখ্যা ষ্টেচনৰ সমীপৰ পৰা অপহৰণকাৰী মমতাজ আলিক আটক কৰে।

আনহাতে, অপহৰণকাৰী মমতাজৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অপহৃত কনমানিটিকো উদ্ধাৰ কৰে। পুৱা প্ৰায় ৯:৩০ বজাত বামুণীমৈদামৰ বিহু ফিল্ডৰ কাষৰ এডৰা হাবিৰ পৰা আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে। অপহৃত শিশুটিৰ নাম কৃষ্ণ ৰাৱট বুলি জানিব পৰা গৈছে। বৰ্তমান শিশুটি সুস্থ অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰই জানিব দিছে।

ইপিনে জানিব পৰা মতে নিশা প্ৰায় ২ মান বজাত শুই থকা অৱস্থাত মাতৃৰ কোলাৰ পৰাই মমতাজ আলিয়ে শিশুটোক অপহৰণ কৰি লৈ যায়। অপহৰণৰ পিছতে অপহৰণকাৰী মমতাজে শিশুটিৰ পিতৃ ৰঞ্জিত ৰাৱটক ১০ লাখ টকা মুক্তিপণ দাবী কৰে। কিন্তু কনমানিটিৰ পিতৃ ৰঞ্জিত ৰাৱটে ধন দিব নোৱাৰো বুলি কোৱাত মমতাজে শিশুটিক পেলাই থৈ যায়। ধৃত মমতাজে আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে।

আৰক্ষী সূত্ৰই জানিব দিয়া মতে ধৃত মমতাজৰ ঘৰ বিহাৰৰ বেলসৰত আৰু পেছাত  এজন ৰিক্সা চালক। মমতাজ নামৰ অপহৰণকাৰীজনক বৰ্তমান চানমাৰি আৰক্ষী থানাত ৰখা হৈছে।

Related News