বগীবিলৰ দ্বিতীয়টো দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশু; গা শিয়ৰি উঠা দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল কেমেৰাত

দলংখন উদ্বোধন কৰাৰ তিনিদিনৰ ভিতৰত দ্বিতীয়টো দুৰ্ঘটনা

বগীবিল দলংখন উদ্বোধনৰ তিনি দিনৰ ভিতৰতে সংঘটিত এটা গা শিয়ৰি যোৱা দুৰ্ঘটনাত এটি ৮ বছৰীয়া শিশুৱে প্ৰাণৰ সৈতে যুঁজিব লগীয়া হৈছে।

উদ্বোধন কৰাৰ পিছৰে পৰা দলংখন চাবলৈ তাত বৃহৎ সংখ্যক লোকৰ ভিৰ লগাৰ সময়তে এই দুৰ্ভাগ্যজনক খবৰে মৰ্মাহত কৰিছে দলংখনক লৈ গৌৰাৱাম্বিত উত্তৰ-দক্ষিণপাৰৰ ৰাইজক।

জানিব পৰা মতে, দলঙৰ ওপৰত গাড়ী ৰখাই ইয়াৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দৃষ্টিনন্দন ৰূপ উপভোগ কৰি থকা এটা দলৰ মাজৰ পৰা হঠাতে শিশুটো দলংখনৰ সিটো দাঁতিলৈ দৌৰি যাবলৈ চেষ্টা কৰিছিল।

কিন্তু নিজৰ দলটোৰ গাড়ীখনৰ আঁৰৰ পৰা হঠাতে ওলাই দিয়া বাবে খুন্দাৰ পৰা শিশুটোক বচাব নোৱাৰিলে মধ্যমীয়া বেগত এটা দিশৰ পৰা আহি থকা গাড়ীখনে। গাড়ীখনৰ খুন্দাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত শিশুটি বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱ্স্থাত চিকিৎসাধীন হৈ আছে।

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে গাড়ীখনৰ আগৰ আসনত বহি যোৱা আৰোহীজনে উক্ত সময়ত নিজৰ ম’বাইলৰ কেমেৰাত দৃশ্যবোৰ আবদ্ধ কৰি গৈ আছিল। ফলত দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্যই বন্দী হয় কেমেৰাত। ভিডিঅ’টোত থকা দৃশ্যৰ পৰা এই কথা স্পষ্ট যে অভিভাৱকৰ অমনোযোগিতাৰ বাবেই শিশুটো দুৰ্ভাগ্যজনকভাৱে গাড়ীৰ আগত পৰিব লগীয়া হয়।

উদ্বোধনৰ তিনি দিনৰ ভিতৰতে দলংখনৰ ওপৰত এইটো দ্বিতীয়টো দুৰ্ঘটনা। ইয়াৰ পূৰ্বে ২৬ ডিচেম্বৰতে এখন মাৰুতি কাৰ আৰু এখন ৱেগনাৰৰ মাজত সংঘৰ্ষ হৈছিল। অৱশ্যে উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাছিল।