ৰাজ্যত বৃদ্ধি পাইছে বাল্য বিবাহ; ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনি মাত্ৰ এখন জিলাতহে ৰূপায়ণ

কেন্দ্ৰীয় চৰকাৰে  ‘বেটী বচাও, বেটী পঢ়াও’  শ্লোগান  দি থকাৰ সময়তে ৰাজ্যত বাল্য বিবাহৰ দৰে ঘটনা বৃদ্ধি পাই আহিছে। চাইল্ড লাইন, সমাজ কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ, চমুকৈ এন এফ এইচ এছৰ শেহতীয়া তথ্যত ৰাজ্যত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছে।

চাইল্ড লাইনৰ শেহতীয়া তথ্য মতে বৰপেটা, নগাঁও, কামৰূপ আৰু কোকৰাঝাৰ জিলাত ব্যাপক হাৰত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পাইছে। তথ্য মতে বৰপেটা জিলাত ২০১৬-১৭ চনত ১৩০ টা আৰু ২০১৮-১৯ চনত ১৭০টা বাল্য বিবাহৰ ঘটনা বৰপেটা চাইল্ড লাইনত পঞ্জীয়ন হৈছে। সেইদৰে নগাঁও জিলাত ২০১৬-১৭ চনত ১৩ টা আৰু ২০১৮-১৯ চনত ৬৫ টা বাল্য বিবাহৰ ঘটনা নগাঁও চাইল্ড লাইনত পঞ্জীয়ন হৈছে।

একেদৰে কামৰূপ জিলাৰ চাইল্ড লাইনত ২০১৬-১৭ চনত ৯৬ টা আৰু ২০১৮-১৯ চনত ১৬০ টা বাল্য বিবাহৰ ঘটনা পঞ্জীয়ন হৈছে। কোকৰাঝাৰ জিলাৰ চাইল্ড লাইনত ২০১৬-১৭ চনত ৩৫ টা আৰু ২০১৮-১৯ চনত ৮২ টা বাল্য বিবাহৰ ঘটনা পঞ্জীয়ন হৈছে। যোৱা বছৰত কাৰ্বি আংলং জিলাত স্থাপন কৰা চাইল্ড লাইন সেৱাই এবছৰতে জিলাখনত ১০৬ টা বাল্য বিবাহৰ ঘটনা পঞ্জীয়ন কৰিছে।

এন এফ এইচ এছে প্ৰকাশ কৰা তথ্য মতে অসমত ৩২.৬ শতাংশ শিশু বাল্য বিবাহৰ বলি হয়। তথ্য মতে, মৰিগাঁও জিলাৰ ৪৯ শতাংশ, ধুবুৰী জিলাৰ ৪৮ শতাংশ, বৰপেটা জিলাৰ ৪৬.৯ শতাংশ, বঙাইগাঁও জিলাৰ ৪২.৬ শতাংশ, নগাঁও জিলাৰ ৪২ শতাংশ, কোকৰাঝাৰ জিলাৰ ৪১ শতাংশ আৰু গোৱালপাৰা জিলাৰ ৪০.৯ শতাংশ শিশু বাল্য বিবাহৰ বলি হয়।

এন এফ এইচ এছৰ আন এক তথ্য মতে, অসমৰ ১৩.৬ শতাংশ ১৫-১৯ বছৰ বয়সৰ ছোৱালী সন্তান সম্ভাৱা হয়। গোৱালপাৰা জিলাৰ ২৭.২ শতাংশ, ধুবুৰীৰ ২৫.৬ শতাংশ, বঙাইগাঁও জিলাৰ ২২.৩ শতাংশ, মৰিগাঁও জিলাৰ ২০.৬ শতাংশ, চিৰাং জিলাৰ ১৮.৯ শতাংশ, নগাঁও জিলাৰ ১৬.৩ শতাংশ আৰু বৰপেটা জিলাৰ ১৬.২ শতাংশ ১৫ বছৰৰপৰা ১৯ বছৰ বয়সৰ ছোৱালী অন্তঃসত্ত্বা হয়। যাৰ বাবে এই জিলাকেইখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক হয়।

যোৱা বছৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিধানসভাত দিয়া বিভাগীয় তথ্য মতেই ২০১৬ চনত ৩২টা, ২০১৭ চনত ৯৬টা আৰু ২০১৮ চনত ৩১৭টা বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে সামাজিক সমস্যা হিচাপে দেখা দিয়া বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন আইন থকাৰ পিছতো বাল্য বিবাহ ৰোধ হোৱা নাই। ২০১৪ চনত কেন্দ্ৰত শাসনৰ ক্ষমতা দখল কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে কন্যা শিশুৰ বাবে ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই আঁচনিখন ৰাজ্যত প্ৰহসনত পৰিণত হৈছে।

এই আঁচনিখনৰ ডাঙৰ ডাঙৰ বিজ্ঞাপন দি থকা চৰকাৰে ৰাজ্যৰ মাত্ৰ এখন জিলাতহে এই আঁচনিখন ৰূপায়ণ কৰিছে। এই আঁচনিখন এতিয়ালৈকে অকল কামৰূপ মহানগৰ জিলাতহে ৰূপায়ণ কৰিছে। যোৱা ৮ ফেব্ৰুৱাৰীত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিধানসভাত দিয়া তথ্য মতে, এই আঁচনিখনৰ নামত কেন্দ্ৰীয় চৰকাৰে ২০১৬-১৭ আৰু ২০১৭-১৮ চনত মুঠ ১২,২৯,২৫০ টকা আবণ্টন দিছে।

উল্লেখযোগ্য যে বাল্য বিবাহৰ প্ৰচলন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজতহে বেছি হোৱা দেখা যায়। দৰিদ্ৰতাৰ বাবে এই শ্ৰেণীৰ লোকসকলে সদায় নিৰাপত্তাহীনতাত ভোগে। ইক’নমিক ছাৰ্ভে আছাম-২০১৭-১৮ ৰ তথ্য মতে বাল্য বিবাহৰ ঘটনা সৰ্বাধিক হোৱা জিলাকেইখনত দৰিদ্ৰতা আৰু ক্ষুধাৰ সূচকাংক বহু বেছি।

তথ্য মতে সৰ্বাধিক বাল্য বিবাহ হোৱা ধুবুৰী, মৰিগাঁও, বৰপেটা, বঙাইগাঁও, নগাঁও, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ দৰিদ্ৰতাৰ সূচকাংক ০.২১ৰ তলত। ০.২১ৰ তলত থকা দৰিদ্ৰতাৰ সূচকাংকক অতি দৰিদ্ৰতাৰ শ্ৰেণীত ধৰা হয়।  আজি বিশ্ব নাৰী দিৱস। নাৰী দিৱসৰ প্ৰাক্ক্ষণত ৰাজ্যত এনেদৰে বৃদ্ধি পোৱা বাল্য বিবাহৰ তথ্যই  নাৰী দিৱসৰ তাৎপৰ্য অধিক প্ৰাংসগিক কৰি তুলিছে।