দাৰিদ্ৰতা! মাত্ৰ ৭ হাজাৰ টকাত নিজৰ গৰ্ভস্থ সন্তানক বিক্ৰী কৰিলে ৰঙাপাৰাৰ দম্পতীয়ে
এইবাৰ টকাৰ বাবে নিজৰ গৰ্ভস্থ সন্তানক বিক্ৰী কৰি দিলে এহাল দম্পতীয়ে। জানি আচৰিত হ’ব যে সন্তানটি বিক্ৰি কৰা হৈছে মাত্ৰ ৭ হাজাৰ টকাত।
অৰুণাচল প্ৰদেশৰ ধিৰাঙৰ কোনো বক্তিক বিক্ৰী কৰা হৈছে এই ৫ বছৰীয়া শিশুটিক।
জানিব পৰা মতে এই দম্পতীহালৰ ঘৰ ৰঙাপৰা ১ নং নামনি গাঁৱত।
খবৰ অনুসৰি ভুক্তভোগী শিশুটিৰ পিতৃ হাকিম আলী আৰু মাতৃয়ে শিশুটিক অৰুণাচললৈ নিয়ে আৰু কোনো লোকক বিক্ৰী কৰে।
কৰ্মৰ সন্ধানত ৫ দিন পূৰ্বে অৰুণাচল গৈছিল দম্পতীহাল। কিন্তু কাম নাপায় ঘৰলৈ উভতি আহিবলৈ হাতত পইচা নথকাত সন্তানটিকে বিক্ৰী কৰি দিয়ে দম্পতীহালে।
সন্তান বিক্ৰী কৰি ৰঙাপৰালৈ উভতি অহা বুলি জানিব পাৰি স্থানীয় ৰাইজে দুয়োকে ধৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্য়ে গোচৰটোৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰশাসনে।
সি যি কি নহওক, এই ঘটনাই এখন কল্যাণকামী ৰাষ্ট্ৰত দৰিদ্ৰ লোকৰ অৱস্থা কিমন পৰ্যায়লৈকে নামিছে তাকেই উদঙাই দিছে।