ওদালগুৰিত শোকাৱহ ঘটনা: মাছ ধৰিবলৈ গৈ নিহত শিশু, বাঢ়নী পানীয়ে উটুৱাই নিলে যুৱকক

Flood in Assam

সমগ্ৰ ৰাজ্যতে বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। আগতীয়া বানৰ তাণ্ডৱত সমগ্ৰ ৰাজ্যত মৃত্যু হৈছে কেইবাগৰাকীও লোকৰ। বানৰ কবলত পৰিছে ওদালগুৰি জিলাৰো বিভিন্ন স্থান।

বানৰ এই তাণ্ডৱৰ মাজতে জিলাখনত দুই পৃথক ঘটনাত এজন শিশুৱে প্ৰাণ হেৰুওৱাৰ লগতে এজন যুৱকক বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৩ নং উত্তৰ ডিমাকুছিত বৰশী বাবলৈ গৈ মৃত্যু হয় এজন ১০ বছৰীয়া শিশুৰ।

স্থানীয় ৰবুল তালুকদাৰ নামৰ লোকজনৰ ১০ বছৰীয়া পুত্ৰ তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ অংশুমান তালুকদাৰে বৰশী বাবলৈ গৈ অতি কৰুণভাৱে মৃত্যুক আকোৱালি লব লগীয়া হয়।

জানিব পৰা মতে দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত ঘৰৰ ওচৰতে থকা এটা খাৱৈত পৰিয়ালৰ অজ্ঞাতে বৰশী বাবলৈ গৈছিল অংশুমানে।

কিন্তু বৰশী বাবলৈ গৈ এটা দ খাৱৈত পৰি কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লয় অংশুমানে। শিশুটিৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটো।

এই ঘটনাৰ পিছতে ডিমাকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।

আনহাতে ওদালগুৰিৰ ৰৌতাৰ ধনশ্ৰী খুটিত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক। ৰবিবাৰে দুপৰীয়া ‌ধনশ্ৰী নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত উটি যায় যুৱকজন।সন্ধানহীন যুৱকজন আজিজুৰ ৰহমান(২০) বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি ধনশ্ৰী নৈত মাছ ধৰাৰ উদ্দেশ্যে আজিজুৰ ৰহমান, জিয়াৰুল হক, আংকুচ আলী, ইলিয়াছ আলী আৰু আলেফ উদ্দিন নামৰ লোক কেইজনে হাতত জাল লৈ মাছ মাৰিবলৈ গৈছিল।

মাছ মৰাৰ উদ্দেশ্যে ধনশ্ৰী নদী পাৰ হওঁতেই আজিজুৰ ৰহমান নামৰ যুৱকজন পানীৰ সোঁতত উটি গৈ সন্ধানহীন হৈ পৰে।ইফালে বাকী চাৰি জন লোক কোনোমতে পানীৰ পৰা প্ৰাণ ৰক্ষা কৰি পাৰলৈ উঠি আহে।

নদীৰ বাঢ়নী পানীৰ ঢলত যুৱকজন উটি যোৱাৰ খবৰ লাভ কৰাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছত স্থানীয় লোকে যুৱকজন নিখোজ হোৱাৰ বিষয়ে ৰৌতা আৰক্ষী থানাত খবৰ দিয়ে।

ঘটনাস্থলীত NDRFৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়াও কোনো শুংসূত্ৰ পোৱা নাই আজিজুৰ ৰহমানৰ।