পখিলা খেদাৰ বয়সতে জটিল ৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে, প্ৰয়োজন সহায়ৰ

পখিলা খেদাৰ বয়সত দুৰাৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে। হাতত কলম- কিতাপ লোৱা বয়সত হেজাৰ সপোন যেন স্তব্ধ হৈ পৰিছে কণমানি শিশুটিৰ ।

বিশ্বনাথৰ বিহালীস্থিত শ’লমাৰী গাঁও নিবাসী পিতৃ দিল বাহাদুৰ ছেত্ৰী আৰু মাতৃ ৰাধিকা দেৱীৰ কনিষ্ঠ পুত্ৰ লোহিত ছেত্ৰী , বয়স ১০ বছৰ ।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দিলবাহাদুৰ ছেত্ৰীৰ ঘৰখনলৈ এতিয়া যেন দিনতে এন্ধাৰ নামি আহিছে। কাৰণ জটিল ৰোগত আক্রান্ত হৈছে তেওঁলোকৰ কণমানি শিশুটি । বহু চিকিৎসক আৰু চিকিৎসালয়লৈ গৈয়ো আশাৰ বাট বিচাৰি পিতৃ-মাতৃয়ে।

 

চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে শিশুটিক মুম্বাইলৈ নিয়াৰ পৰামৰ্শ দিছে ।

কিন্তু ধনৰ অভাৱত থমকি ৰবলগীয়া হৈছে পৰিয়ালটো। সেয়ে এতিয়া দিনতে অন্ধকাৰ নামি আহিছে এই দুৰ্ভগীয়া পৰিয়ালটোলৈ । পৰিয়ালটিক বৰ্তমান প্ৰয়োজন হৈছে আৰ্থিক সাহায্যৰ ।

প্ৰয়োজন হৈছে আপোনাৰ সহায়ৰ হাত , প্ৰয়োজন হৈছে চৰকাৰৰ তৰফৰ পৰা বিশেষ সহায়ৰ ।

এই অনুৰোধ পিতৃ মাতৃৰ । স্থানীয় ৰাইজ তথা অঞ্চলবাসীয়ে সামাজিক মাধ্যমৰ লগতে বিভিন্ন ধৰণে দান- বৰঙণি সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ।

সেয়ে কোনো ব্যক্তিয়ে যদি কিছু সহায়ৰ হাত আগবঢ়ায় তেন্তে এই কণমানিটি চিকিৎসাৰ বাবে সেয়া সহায়ক হ’ব ।

কণমানি শিশুটিৰ মোমায়েক ৰাজেন ছেত্ৰীৰ বেংক একাউণ্টৰ জৰিয়তে সহায় কৰিবলৈ —

একাউণ্ট নং 14180100007218
Branch Name :: GINGIA UCO BANK ,
IFSC NO ::UCBA0001418
PH. NO 9859732541