NORTHEAST NOW (Assamese)

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

May 13, 2025 2:57 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা-চীন শুল্ক যুদ্ধত সাময়িক বিৰতি ঘোষণা কৰা হৈছে। ৯০ দিনৰ বাবে দুই দেশে সামগ্ৰীৰ ওপৰত ১১৫ শতাংশ শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শুল্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে।

১২৫ আৰু ১৪৫ শতাংশ পাৰস্পৰিক শুল্কৰ পৰিৱৰ্তে আমেৰিকাই অহা ৯০ দিনলৈ চীনৰ সামগ্ৰীৰ ওপৰত ১৪৫ শতাংশৰ পৰা ৩০ শতাংশলৈ শুল্ক হ্ৰাস কৰাৰ বিপৰীতে চীনে আমেৰিকাৰ আমদানিৰ ওপৰত শুল্ক ১২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰিব। চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিব, আনহাতে আমেৰিকাই ১৪৫ শতাংশৰ পৰিৱৰ্তে মাত্ৰ ৩০ শতাংশ শুল্ক আৰোপ কৰিব।

যোৱা সপ্তাহত ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হৈছিল চীন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ বৈঠক। জেনেভাত হোৱা এই বৈঠকৰ পিছত দুয়োখন দেশৰ মাজত শুল্ক যুদ্ধৰ সাময়িক বিৰতিৰ সিদ্ধান্ত লোৱা হল। ইয়াৰ উপৰিও চীনৰ উপ-প্ৰধানমন্ত্ৰী হে লিফং আৰু আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্ট আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰৰ নেতৃত্বত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ওপৰত আলোচনা অব্যাহত ৰখাৰ ব্যৱস্থা স্থাপন কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি জেনেভাত অনুষ্ঠিত এখন সংবাদমেলত বেছাণ্টে কয় যে, “আমি এই সিদ্ধান্তত উপনীত হৈছো যে আমাৰ এক উমৈহতীয়া স্বাৰ্থ আছে। প্ৰতিনিধি দলটো একমত হৈছে যে কোনো পক্ষই বিচ্ছিন্নতা নিবিচাৰে।”

Related News