চীনে বন্দী কৰিছিল ১০ গৰাকী ভাৰতীয় সেনা : দেশবাসীৰ পৰা লুকুৱাই ৰাখিছিল ভাৰত চৰকাৰে

index

প্রতিনিধিত্বমূলক ফ'টো, সৌজন্য-ইন্টাৰনেট

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয় সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সৈন্য ছহিদ হোৱাৰ উপৰিও আৰু ১০ গৰাকী ভাৰতীয় সৈন্যক চীনা সৈন্যই বন্দী কৰিছিল।

বন্দী ভাৰতীয় সৈনিক কেইজনক কালি সন্ধিয়া চীনে মুকলি কৰি দিয়ে।

চীনৰ হাতত ভাৰতীয় সৈন্য বন্দী হোৱা সমগ্ৰ বিষয়টোক ঢাকি ৰাখিছিল ভাৰত চৰকাৰে।

ভাৰতীয় সেনা বাহিনীৰ সূত্ৰই সমগ্ৰ বিষয়টো বিভাগীয়ভাৱে আনুষ্ঠানিক ঘোষণা নকৰিলেও কিন্তু অস্বীকাৰো কৰা নাই।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, তেওঁলোকৰ হাতত ‘এতিয়া’ কোনো ভাৰতীয় সেনা বন্দী হৈ থকা নাই।

ইফালে ১০ জন ভাৰতীয় সেনা চীনৰ হাতত বন্দী হোৱাৰ কথা কেবাটাও দিনৰ পিছত দেশবাসীয়ে জানিবলৈ পোৱাত বিৰোধী আৰু প্ৰাক্তন একাংশ সেনা বিষয়াই চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে।

আনকি চীনে মুক্তি দিয়াৰ পূৰ্ব সন্ধিয়াও ভাৰত চৰকাৰে কোনো ভাৰতীয় সৈন্য চীনৰ হাতত বন্দী হৈ থকা নাই বুলিহে দাবী কৰিছিল।

“চীনে পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে। কিন্তু ভাৰত চৰকাৰে সমস্যাটো অস্বীকাৰ কৰি অন্য মোৰ দি আহিছে।” এই সন্দৰ্ভত আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইদৰে কয়।

ইফালে চৰকাৰৰ একাংশই এই সম্পৰ্কত কয় যে, সেনাকেইজনক মুক্তি কৰোৱাৰ বাবে চীনৰ সৈতে কেবা লানিও আলোচনা চলোৱা হৈছিল।

কিন্তু মুক্তিৰ আলোচনা ফলপ্ৰসূভাৱে আগনবঢ়াৰ বাবেই জাতীয় স্বাৰ্থক আগত ৰাখি দেশবাসীক কথাটো জনোৱা হোৱা নাছিল। চৰকাৰী পক্ষৰ ভাষ্য।

গালৱান উপত্যকাত সোমবাৰে সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত মেজৰ তথা কেপ্টেইন পৰ্যায়ৰ চাৰিজন সেনা বিষয়াসহ ১০ গৰাকী ভাৰতীয় সেনাক চীনা সৈন্যই বন্দী কৰিছিল।

কালি দুই পক্ষৰ মাজত অনুষ্ঠিত হোৱা মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত চীনে ভাৰতীয় বন্দী সেনা কেইজনক মুকলি কৰি দিবলৈ সন্মত হয়।

আৰু ইয়াৰ পিছতে বন্দী ভাৰতীয় সেনাকেইজনক চীনে মুকলি কৰি দিয়ে।

সেনা সূত্ৰই জনাইছে যে, চীনে মুকলি কৰি দিয়াৰ পিছত ভাৰতীয় সেনাকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

বন্দীত্বৰ পৰা মুক্ত হোৱা সেনাকেইজনৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে বুলি সেনা সূত্ৰত প্ৰকাশ।