নিজৰ আগ্ৰাসনবাদী নীতি অব্যাহত ৰাখি ভাৰতৰ পাছত এইবাৰ ভাৰতৰ মিত্ৰ দেশ ভূটানৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিছে চীনে।
জুনৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা গ্লোৱেল এনভাইৰোমেণ্ট ফেচিলিটি(জিইএফ)ৰ ভাৰ্চুৱেল বৈঠকত চীনে পূব ভূটানৰ চাকটেং সংৰক্ষিত বনাঞ্চলক বিবাদমান অঞ্চল হিচাপে দাবী কৰে।
বৰ্তমান সময়ত সমগ্ৰ বিশ্ব চীনৰ য়ুহান প্ৰদেশৰ আৰম্ভ হোৱা কোভিড-১৯ ভাইৰাছৰ সৈতে যুদ্ধ কৰি থকাৰ সময়তে চীনে চুবুৰীয়া দেশ সমূহৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিছে।
জি ই এফ সমিতিয়ে চীনৰ এই দাবীৰ পাছতে আচৰিত হৈ পৰে।
জি ই এফ সমিতিৰ অধিকাংশ সদস্যই ভূটানক সমৰ্থন কৰি চীনৰ প্ৰতিনিধি গৰাকীৰ দাবীৰ বিৰোধিতা কৰে।
আনহাতে, চীনৰ এই দাবীৰ পাছতে ভূটান চৰকাৰে জি ই এফৰ সমিতিলৈ এখন পত্ৰ লিখি ভূটানৰ সাৰ্বভৌমত্তৰ ওপৰত প্ৰশ্ন তোলা বিষয়টোৰ বিৰোধিতা কৰি চাংকেট সংৰক্ষিত বঞ্চালত ভূটানৰ অন্তৰ্ভূক্ত বুলি কয়।
উল্লেখযোগ্য যে, চীনে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত ভাৰতৰ লাডাখত সীমা বিবাদ আৰম্ভ কৰাৰ উপৰিও জাপান, ভিয়েটনাম, টাইৱান আদি দেশৰ সৈতেও বিবাদ আৰম্ভ কৰিছে।