নেপালৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবলৈ উঠি-পৰি লাগিছে চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিং, কিন্তু কিয়?

a china

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত এতিয়া চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে।

দেশ খনত চীনে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে ছাত্ৰ সমাজকে ধৰি বিৰোধী দল সমূহ সৰৱ হৈ পৰাৰ সময়তে পৰিস্থিতি চম্ভালি লবলৈ নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলিৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে নেপালৰ সংসদ ভংগ কৰি নতুনকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰী অলিৰ এনে একপক্ষীয় সিদ্ধান্তত এতিয়া জাঙুৰ খাই উঠিছে তেওঁৰ নিজৰেই দলৰ সাংসদসকল।

ইপিনে বিৰোধী দল সমূহে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰুদ্ধে নেপালৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

এনে পৰিস্থিতিত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে নেপালৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কাইলৈ অৰ্থাৎ দেওবাৰে চাৰিজনীয়া চীনা প্ৰতিনিধিৰ দল এটা নেপাললৈ প্ৰেৰণ কৰিব ।

ইয়াৰ পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ অতি ঘনিষ্ঠ বুলি চৰ্চিত কাঠমাণ্ডুত থকা চীনৰ মহিলা ৰাষ্ট্ৰদূত গৰাকীয়ে এই বিষয়ত আলোচনা কৰি বিফল হৈছে।

নেপালৰ বিৰোধী দল সমূহে এতিয়া ভাৰতৰ প্ৰতি অধিক নৰম দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবেই চিন্তিত হৈ পৰিছে চীনৰ ৰাষ্ট্ৰপতি জিনপিং।

উল্লেখ্য নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত হৌ য়াংকিয়ে বৃহস্পতিবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ পুষ্প কমল ধালাল(প্ৰচণ্ড)ক সাক্ষাৎ কৰি বিভিন্ন বিষয় আলোচনা কৰে।

নেপাল কমিউনিষ্ট পাৰ্টিৰ সংসদীয় নেতা হিচাপে প্ৰচণ্ডই নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ স্থলাভিষিক্ত হোৱাতো নিশ্চিত হোৱাৰ পাছতে চীনৰ তৰফৰ পৰা প্ৰচণ্ডৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ আহ্বান ক্ৰমে ৰাষ্ট্ৰপি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নেপলাৰ সংসদ ভংগৰ নিৰ্দেশ দি মধ্যৱৰ্তীকালীন নিৰ্বাচন ঘোষণা কৰে।

নেপালত বিগত এবছৰৰ পৰাই ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল। নেপাৰ প্ৰধান মন্ত্ৰী কে শৰ্মা অ’লিৰ কাৰ্য্যকালত নেপালৰ পুৰণি বন্ধু ভাৰতৰ সৈতেও নেপালৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছিল।

অ’লিৰ সময়ছোৱাত চীনে নেপালৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলায়।