ভাৰতৰ নাতিদূৰৰ চীনত নতুন ভাইৰাছৰ আতংক বৃদ্ধি; বন্ধ কৰা হ’ল আন তিনিখন মহানগৰ

china-virus

বিমান বন্দৰত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা

ভাৰতৰ নাতিদূৰত থকা চীনত দেখা দিয়া corona virus নামৰ নতুন ভাইৰাছবিধৰ আতংক পূৰ্বতকৈ বৃদ্ধি পাইছে আৰু দেশখনে ইয়াৰ আৰু তিনিখন মহানগৰ বন্ধ কৰি দিছে।

আজি বন্ধ কৰি দিয়া মহানগৰ য়ুহান, হুৱাংগাং আৰু ইঝৌত প্ৰায় ২ কোটি লোকে বাস কৰে।

নতুন ভাইৰাছবিধৰ সৈতে যুঁজ দিবলৈ বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে পূৰ্বে কেতিয়াও নোলোৱা ধৰণৰ কাৰ্য্য ব্যৱস্থা ল’ব লগীয়া হৈছে।

এয়াৰপ’ৰ্ট, ৰেইল ষ্টেইশ্যন, বাছ, ফেৰি, ইণ্টাৰনেট কেফে, শ্বপিং মল আদি নিৰ্দেশ জাৰি কৰি বন্ধ কৰি দিয়া হৈছে, য’ত হাজাৰ হাজাৰ লোক অনবৰতে ব্যস্ত হৈ থকা দেখা যায়।

পূৰ্বে সূচী নিশ্চিত হৈ থকা বিভিন্ন কাৰ্য্যসূচী অনিৰ্দিষ্টকালীনভাৱে পিছুৱাই দিয়া হৈছে।

ভাইৰাছবিধৰ সংক্ৰমণ ইতিমধ্যে শ শ লোকলৈ বিয়পি পৰিছে আৰু ইয়াৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।

নতুন ভাইৰাছবিধৰ সৈতে যুঁজ দিবলৈ বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে পূৰ্বে কেতিয়াও নোলোৱা ধৰণৰ কাৰ্য্য ব্যৱস্থা ল’ব লগীয়া হৈছে।

“মই যিমান দূৰ জানো, ১১ নিযুত লোক থকা এখন মহানগৰ বন্ধ কৰি দিবলৈ কৰা চেষ্টাটো বিজ্ঞানৰ বাবে নতুন”, শেহতীয়া অগ্ৰগতি সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ চীনৰ প্ৰতিনিধি গৌদেন গালীৰ উদ্ধৃতি The Associated Press-ত।

“ৰাজহুৱা স্বাস্থ্যজনিত পদক্ষেপ হিচাপে কেতিয়াও এনেকুৱা প্ৰয়াস কৰা হোৱা নাছিল। এতিয়াই আমি ক’ব নোৱাৰো, ই ফলদায়ক হ’ব নে নহ’ব”, সংবাদ প্ৰতিষ্ঠানটোত তেওঁৰ উদ্ধৃতি।

তথ্যমতে, চীনত যোৱা মাহত প্ৰথমবাৰ এই ভাইৰাছবিধ য়ুহান প্ৰদেশত দেখা গৈছিল। আমেৰিকা, জাপান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডতো এনে ভাইৰাছৰ আক্ৰমণৰ আন কিছুমান ঘটনাৰ খবৰ পোৱা গৈছে। চীনৰ বাহিৰৰ বেছিভাগ এনে ঘটনা পোৱা গৈছে য়ুহানৰ পৰা অহা লোক বা শেহতীয়াকৈ মহানগৰখন ভ্ৰমণলৈ যোৱা লোকৰ মাজত।

ভাইৰাছবিধৰ আক্ৰমণত মুঠ ১৭জন লোকৰ মৃত্যু ঘটিছে আৰু তেওঁলোক আটাইকেইজনেই হয় য়ুহানৰ অথবা য়ুহানৰ আশ-পাশৰ।

চুবুৰীয়া ভাৰতৰ স্বাস্থ্য বিভাগেও চীনত আতংকৰ সৃষ্টি কৰা এই ভাইৰাছবিধক লৈ সতৰ্কতা জাৰি কৰিছে।