টাইৱানক ঘেৰি ধৰি আৰম্ভ হৈছে চীনৰ সামৰিক অনুশীলন; কেৰেপ কৰা নাই টাইৱানৰ ৰাষ্ট্ৰপতিয়ে!

ফটোঃ সংগ্ৰহীত।

চীনে টাইৱানৰ আশে-পাশে সামৰিক অনুশীলন আৰম্ভ কৰিছে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মিৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:৪৫ বজাত নিজৰ নিয়ন্ত্ৰণত থকা দ্বীপটোৰ চাৰিওফালে এই অনুশীলন আৰম্ভ কৰে।

জনা যায় যে চীনে টাইৱানৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত টাইৱান জলদ্বীপত এই অনুশীলন চলাই আছে। ইয়াৰ উপৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে কিনমেন, মাটছু, ৱুকিউ আৰু ডংজিন দ্বীপপুঞ্জৰ আশে-পাশেও অনুশীলন চলাই আছে।

চীনৰ সামৰিক মুখপাত্ৰ কৰ্ণেল লি ছিয়ে চীনৰ মেছেজিং প্লেটফৰ্ম ৱেইবোত কয় যে চীনৰ সেনা, নৌসেনা, বায়ুসেনা আৰু ৰকেট বাহিনীক লৈ দুদিনীয়া যৌথ অনুশীলন “টাইৱানৰ স্বাধীনতা বাহিনীৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ কঠোৰ শাস্তি আৰু বাহ্যিক শক্তিৰ উচটনি তথা হস্তক্ষেপৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী।”

লগতে পঢ়কঃ বিশ্বৰ প্ৰথম হেড ট্ৰান্সপ্লান্ট চিষ্টেম; ভাইৰেল গ্রাফিক ভিডিঅ’ দেখি চকু থৰ নেটিজেনৰ

ইয়াৰ পূৰ্বে টাইৱানৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি উইলিয়াম লাইয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে চীনক নিজৰ দেশক ধমক দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰপতি হিচাপে প্ৰথম ভাষণত লাই চিং-টে কয় যে টাইৱানে কেৱল শান্তিৰ পথ অনুসৰণ কৰিব বিচাৰে আৰু বেইজিঙে টাইৱানৰ জনসাধাৰণৰ ইচ্ছাক সন্মান কৰা উচিত। উইলিয়াম লাই নামেৰেও পৰিচিত নেতাগৰাকীয়ে ৰাজধানী টাইপেইৰ মাজমজিয়াত থকা ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই ভাষণ প্ৰদান কৰে।

তেওঁৰ ভাষণত উইলিয়াম লাইয়ে চীনৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনাই কয় যে মই চীনক টাইৱানক ৰাজনৈতিক আৰু সামৰিক ভাবুকি দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছো। বিশ্বত যাতে কোনো ভয় নাথাকে তথা যুদ্ধ নহয় আৰু কঠোৰ পৰিশ্ৰম কৰি টাইৱান প্ৰণালী আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ টাইৱানৰ সৈতে একেলগে কাম কৰিবলৈ (চীনক) আহ্বান জনাইছো,।

উইলিয়াম লাই-য়ে লগতে কয়, আমি বিশ্ববাসীক ঘোষণা কৰিব বিচাৰো যে টাইৱানে গণতন্ত্ৰ আৰু স্বাধীনতাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই নিদিয়ে। শান্তি একমাত্ৰ বিকল্প আৰু দীৰ্ঘম্যাদী শান্তি আৰু স্থিতিশীলতাৰ বাবে সমৃদ্ধি আমাৰ লক্ষ্য। অৱশ্যে এই সন্দৰ্ভত চীনে তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়া নাই। কিন্তু দেশখনে বাৰে বাৰে লাইক ‘বিচ্ছিন্নতাবাদী’ বুলি আখ্যা দিছে।

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিলে জাৰ্মান প্ৰেম কাহিনী ‘কাইৰোছ’য়ে

চীনৰ সশস্ত্ৰ বাহিনীৰ নৌযানবোৰে কেইবামাহো ধৰি টাইৱানৰ আশে-পাশে টহল দি আহিছে। আনকি চীনৰ বায়ুসেনাৰ যুদ্ধ বিমানেও টাইৱানৰ আকাশমাৰ্গৰ সীমাত কেইবাবাৰো অনুশীলন চলাইছে। যোৱা জানুৱাৰী মাহত উইলিয়াম লাই নিৰ্বাচিত হোৱাৰ পিছৰে পৰা চীনৰ এনে অনুশীলনে ব্যাপক ৰূপ ধাৰণ কৰিছে।