• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দিৰা গান্ধীৰ “Emergency” আৰু মোদীৰ অঘোষিত “Emergency”ৰ মাজত পাৰ্থক্য কি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 25, 2024 9:33 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ক’ৰবাত এটা ভিডিও দেখিলোঁ য’ত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছে। আজিৰ পৰা ৫০ বছৰ আগতে, সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনৰ দিনা দেশত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সংবিধানৰ প্ৰস্তাৱনাৰ ঘোষিত উদ্দেশ্যৰ বিৰুদ্ধে গৈ সংবাদপত্ৰৰ স্বাধীনতা নিষিদ্ধ কৰা হৈছিল।মানুহৰ বাকস্বাধীনতা খৰ্ব কৰা হৈছিল। ইন্দিৰা গান্ধীয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠান কঢ়ামুঠিয়াকৈ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।

সমগ্ৰ বিশ্বই ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছিল।সঞ্জয় গান্ধীৰ মইমতালিত মানুহ অতিষ্ঠ হৈছিল।সঞ্জয় গান্ধীৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ উগ্ৰ সমৰ্থক এচামে সংবিধান সলনি কৰি সংসদীয় পদ্ধতিৰ সলনি ৰাষ্ট্ৰপতি প্ৰধান ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা পৰিকল্পনা কৰিছিল।সঞ্জয় গান্ধীৰ মন্ত্ৰণাত উত্তৰ প্ৰদেশকে আদি কৰি কেইবাখনো কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰে বিধানসভাত তাৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰছিল।ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও আৰম্ভণিৰে পৰা এই বিষয়ে তেওঁ বৰ আস্বস্ত হ’ব পৰা নাছিল। সঞ্জয় গান্ধীৰ প্ৰতি থকা অতিমাত্ৰা পুত্ৰস্নেহে প্ৰথমতে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অতিচাৰবোৰৰ প্ৰতি ইন্দিৰাক অন্ধ কৰি ৰাখিছিল। কিন্তু সময়ত সঞ্জয়ৰ প্ৰতি তেওঁৰ মোহভংগ হৈছিল।

Apply Now

বিশেষকৈ সংসদীয় পদ্ধতিৰ চৰকাৰ সলনি কৰি সংবিধান সংশোধন কৰাৰ কাৰণে ইন্দিৰাৰ তোষামোদকাৰী কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰ কেইখনমানে সঞ্জয়ৰ উচতনিত লোৱা উদ্যোগে তেওঁক বিহ্বল কৰিছিল।দেশৰ মানুহে যে জৰুৰীকালীন অৱস্থা বেয়া পাইছিল সেই কথা তেওঁ উপলব্ধি কৰিছিল।সেইকাৰণেই সঞ্জয়ক নজনোৱাকৈ ১৯৭৭ চনৰ জানুৱাৰী মাহত জৰুৰীকালীন অৱস্থা উঠাই লৈ ইন্দিৰা গান্ধীয়ে মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন পাতিছিল। হাৰিব বুলি জানিও ইন্দিৰা গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিছিল। এই সন্দৰ্ভত এসময়ত ইন্দিৰা গান্ধীৰ লগত ঘনিষ্ঠভাবে কাম কৰা তেওঁৰ কাৰ্যালয়ৰ প্ৰধান সচিব পি এন ধৰে Indira Gandhi, the Emergency and Indian Democracy নামৰ কিতাপখনত সবিস্তাৰে উল্লেখ কৰিছে। ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো কোনো গণতান্ত্ৰিক ব্যক্তিয়ে সমৰ্থন কৰা নাছিল।

কিন্তু ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? ইন্দিৰা গান্ধীয়ে জৰুৰী কালীন অৱস্থাত কৰা সকলো কামেই ২০১৪ পৰা ২০২৪ লৈ মোদীয়ে কৰিছে। কৰিছে মানে তাতকৈ বহু গুণ দ আৰু বিস্তাৰকৈ কৰিছে। আমি পৰিমাণে গুণ সলনি কৰে বুলি জানো।ইন্দিৰা গান্ধীৰ ঘোষিত জৰুৰীকালীন অৱস্থা আছিল মাত্ৰ ২১ মাহৰ বাবে।আৰু সেই সময়ত তেওঁ এতিয়াৰ দৰে দুটা কাম কৰা নাছিল। মোদীৰ দৰে তেওঁ দেশত সাম্প্ৰদায়িক বিভাজন আনিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল আৰু এতিয়া যেনেকৈ মোদীয়ে দেশৰ সম্পদ মুষ্টিমেয় পুঁজিপতিক গটাই দিছে তেওঁ সেইটো কৰা নাছিল। কিন্তু ইন্দিৰাৰ ২১ মহীয়া ঘোষিত জৰুৰীকালীন অৱস্থাৰ সলনি ২০১৪ চনৰ পৰা ২০২৪লৈ মোদীৰ অঘোষিত জৰুৰী অৱস্থা চলি আছে।এতিয়া দেখাত সকলো ঠিকে আছে।

কিন্তু অবৈধভাবে সকলোকে বৈধ কৰা হৈছে।দেখাত সংসদ চলি আছে। কিন্তু সংসদীয় বিতৰ্ক নোহোৱাকৈ সংখ্যাগৰিষ্ঠতাৰ দোহাই দি বিৰোধী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰি মোদীয়ে কিমান কি ভয়ানক জনবিৰোধী আইন পাছ কৰিছে? সকলো অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া বিজেপি নহয় মোদী- শ্বাহৰ কব্জাত। শীৰ্ষ আমোলা আছে। মন্ত্ৰী আছে। কিন্তু কোনেও স্বাধীনভাৱে নিজৰ বক্তব্য প্ৰকাশ কৰিব নোৱাৰে। কোনো সিদ্ধান্ত ল’ব নোৱাৰে।আৰু মোদীক সমালোচনা কৰা মানে দেশক সমালোচনা কৰা।মোদী বিৰোধী মানে দেশ বিৰোধী।জৰুৰীকালীন অৱস্থাত বাতৰি কাকতৰ স্বাধীনতাহে নাছিল।এতিয়া মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত মোদী-শ্বাহৰ নিয়ন্ত্ৰণ ইমানেই কপকপীয়া যে মোদী বন্দনাৰ বাহিৰে তেওঁলোকে আন একো দেখা নাপায়।সেইদিনা অৰুন্ধতী ৰায় সম্পৰ্কে আপোনালোকে অৰ্ণৱ গোস্বামী বোলাজনে কেনেকৈ চিঞৰ-বাখৰ কৰিছিল দেখিছিলনে? অৰুন্ধতী ৰায় এগৰাকী লেখিকা। তেওঁৰ মতৰ লগত আপোনাৰ মত নিমিলিব পাৰে।সেইবুলি সাংবাদিক এজনে তেওঁৰ বিষয়ে এনে অশালীন ব্যৱহাৰ কৰিব লাগেনে?

এইবোৰ অইন একো নহয় সকলো মোদীৰ প্ৰভাৱ।একমাত্ৰ উচ্চ ন্যায়পালিকাৰ বাহিৰে, সিও সকলো ক্ষেত্ৰতে নহয় এতিয়া সকলো মোদী-শ্বাহৰ একছত্ৰী নিয়ন্ত্ৰণত।দেশৰ সাংবিধানিক প্ৰমূল্য ভৰিৰে মোহাৰি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্বাধীনতা খৰ্ব কৰি, প্ৰচাৰ মাধ্যমক নিজৰ বহতীয়া কৰি গণতন্ত্ৰ শেষ কৰি পেলোৱা নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? মোদীৰ সংবিধানৰ কথা কোৱাৰ, নাম লোৱাৰ কিবা অধিকাৰ আছেনে? ইন্দিৰা গান্ধীক ভাৰতৰ জনগণে এদিন ওফৰাই দিছিল।কিন্তু যোৱা সময়ছোৱাত মোদীয়ে ৰাষ্ট্ৰযন্ত্ৰ এনেকৈ নিজৰ দখলত ৰাখিছে যে ৰাইজৰ প্ৰতিবাদ, বিক্ষোভ সত্ত্বেও তেওঁ নিৰ্বাচনী কৌশলেৰে তৃতীয়বাৰলৈ শাসনত বহিবলৈ সক্ষম হৈছে।কিন্তু এইবাৰ ৪০০ পাৰ হোৱা নাই, মোদীৰ ৰথ ২৪০তে ৰৈ গৈছে।

আজি ২৫ জুনৰ দিনা এই অঘোষিত জৰুৰীকালীন অৱস্থাৰ অৱসানৰ বাবেহে গণতন্ত্ৰ প্ৰেমী সকলো লোক ঐক্যবদ্ধহৈ ওলাই অহা উচিত।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd