NORTHEAST NOW (Assamese)

১০ এপ্ৰিলৰ পৰা আমেৰিকাৰ সকলো আমদানিৰ ওপৰত চীনে আৰোপ কৰিব ৩৪% শুল্ক

April 4, 2025 8:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 4, 2025 7:27 pm

শুকুৰবাৰে চীনে ঘোষণা কৰে যে ১০ এপ্ৰিলৰ পৰা আমেৰিকাৰ সকলো আমদানিৰ ওপৰত ৩৪% শুল্ক আৰোপ কৰিব। উল্লেখ্য যে চীনৰ এই নতুন শুল্কৰ হাৰ আমেৰিকাই আৰোপ কৰা ‘প্ৰতিশোধমূলক শুল্কৰ সৈতে একে।

এই সপ্তাহত ট্ৰাম্পে চীনৰ ৰপ্তানিৰ ওপৰত ৩৪% শুল্ক ঘোষণা কৰিছে।

বেইজিঙৰ বাণিজ্য মন্ত্ৰালয়েও এক বিবৃতিত কয় যে চীনে আন কিছুমান আপুৰুগীয়া ধাতুৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণ বৃদ্ধি কৰিব। এই বিৰল ধাতুসমূহ কম্পিউটাৰ চিপ আৰু বৈদ্যুতিক বাহনৰ বেটাৰী আদি উচ্চ প্ৰযুক্তিৰ সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয়।

চীন চৰকাৰে কয় যে তেওঁলোকৰ বাণিজ্যিক নিষেধাজ্ঞা বা ৰপ্তানি নিয়ন্ত্ৰণ তালিকাত ২৭টা আমেৰিকান কোম্পানী সন্নিৱিষ্ট কৰা হব।তদুপৰি শুল্ক সমস্যাক লৈ বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত গোচৰ ৰুজু কৰাৰ কথাও ঘোষণা কৰিছে চীনে।

Related News