কাৰ্যালয়ৰে ৫৮ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক, ৭২ কোটি টকা উৎকোচ! ‘সুন্দৰী’ গৱৰ্ণৰৰ কাণ্ড…

চীনৰ গৱৰ্ণৰ ঝং ইয়াঙে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। ফটোঃ সংগ্ৰহীত।

চীনৰ ‘সুন্দৰী গৱৰ্ণৰ’ হিচাপেই তেওঁ বিখ্যাত। তেওঁৰ ৰূপ-সৌন্দৰ্যৰ বাবে গোটেই অফিচটোৱে পাগল। কিন্তু অৱশেষত কাৰাগাৰত ঠাই পালে, তাকো ১৩ বছৰৰ বাবে। কিন্তু কাৰণ জানি আচৰিত হব আপুনি। জানিব পৰা গৈছে যে চীনৰ গৱৰ্ণৰ ঝং ইয়াঙে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। সেইদৰে, প্ৰায় ৬ কোটি ইউয়ান অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় ৭২ কোটি টকা উৎকোচ লৈছিল।

ঝং ইয়াং আছিল গুইজৌ প্ৰদেশৰ কিয়ানান প্ৰিফেকচাৰত চীন কমিউনিষ্ট পাৰ্টিৰ গৱৰ্ণৰ। আৰু লগতে উপ-সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৫২ বছৰীয়া এই মহিলাগৰাকীয়ে মাত্ৰ ২২ বছৰ বয়সতে কমিউনিষ্ট পাৰ্টিত যোগদান কৰি অৱশেষত ৰাষ্ট্ৰীয় পিপলছ কংগ্ৰেছৰ ডেপুটি পদলৈ উন্নীত হয়।

লগতে পঢ়কঃ ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

তেওঁৰ বিৰুদ্ধে উঠিছে ৫৮ জন নিম্ন পদবীৰ পুৰুষৰ সৈতে যৌন সম্পৰ্কৰ অভিযোগ। তেওঁ আগবঢ়োৱা সুবিধাৰ বাবেই কিছুমানে তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলিও জনা যায়। আন কিছুমানে তেওঁৰ কৰ্তৃত্বৰ ভয়ত নিজৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়। আনকি প্ৰেমিকৰ সৈতে সময় কটাবলৈ ব্যৱসায়িক ভ্ৰমণৰ অজুহাতো দেখুৱাইছিল।

২০২৩ চনৰ এপ্ৰিল মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ঝং ইয়াঙক। ছেপ্টেম্বৰ মাহত তেওঁক পদৰ পৰা অপসাৰণ কৰি চিপিচিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ ৰাষ্ট্ৰীয় পিপলছ কংগ্ৰেছতো আসন হেৰুৱায়।

লগতে পঢ়কঃ Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত এনে আন এটা ঘটনা পোহৰলৈ আহিছিল। কানাডাৰ সৰ্ববৃহৎ বেংক হৈছে ৰয়েল বেংক। সেই বেংকৰ মুখ্য বিত্তীয় বিষয়া নাদিন আহ্ন। জনা যায় যে তেওঁৰ এজন সহকৰ্মীৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ কোম্পানীটোৰ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে বেংকটোৱে। সেয়ে, বেংকে নাদিনক ‘অসৎ আচৰণ’ৰ অভিযোগ আনি চাকৰিৰ পৰা বৰ্খাস্ত কৰে।